ETV Bharat / state

আবতৰীয়া বানত কৱলত আমগুৰিৰ বৃহত্তৰ অঞ্চল

আমগুৰি সমষ্টিৰ অন্তৰ্গত 20 খনৰো অধিক গাঁও এতিয়া পানীৰ তলত ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৃহৎ অঞ্চলটো ৷

lood in Amguri
বানত কৱলত বৃহত্তৰ আমগুৰি
author img

By

Published : Sep 27, 2020, 4:00 PM IST

আমগুৰি, 27 ছেপ্তেম্বৰ: শিৱসাগৰৰ আমগুৰি সমষ্টিৰ দিখৌমুখৰ ৰূপহীত আহিনৰ আবতৰীয়া বানে উটুৱাই নিলে দুটাকৈ বাসগৃহ ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে দিখৌমুখৰ বৃহত্তৰ অঞ্চল ৷

1 নং আলিমুৰ, ২নং আলিমুৰ,পুৰণিগুদাম, ৰূপহীমুখ কুমাৰ গাঁও, ৰূপহীমুখ মিচিং গাঁও, স'ৰাগুৰি চাপৰি, গটঙাকে ধৰি অঞ্চলটোৰ 20 খনৰো অধিক গাঁও এতিয়া পানীৰ তলত । ফলত যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে গাঁওকেইখনৰ ৷

বানত কৱলত বৃহত্তৰ আমগুৰি

লক্ষণীয়ভাৱে, বানৰ লগতে হোৱা গৰাখহনীয়াই কেইবাটাও বাসগৃহলৈ ভাবুকি কঢ়িয়াই আনিছে । ইয়াৰোপৰি বানত নষ্ট হৈছে বৃহত্তৰ কৃষিভূমি । এই আবতৰীয়া বানক লৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

লগতে পঢ়ক: গণৰোষৰ বলি ছাগলী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.