ETV Bharat / state

চৰাইদেউ আৰক্ষীৰ অভিযানত অস্ত্ৰসহ গ্ৰেপ্তাৰ পাঁচ আলফা সদস্য

চৰাইদেউ আৰক্ষী আৰু 244 ফিল্ড ৰেজিমেণ্টৰ সামৰিক বাহিনীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় আলফাৰ সদস্য কেইজন ৷

Five ULFA cader arrested at Soraidew
চৰাইদেউ আৰক্ষীৰ বিশেষ অভিযানত অস্ত্ৰ সহ গ্ৰেপ্তাৰ পাঁচ আলফা সদস্য
author img

By

Published : Apr 23, 2020, 1:58 PM IST

চৰাইদেউ, 23 এপ্ৰিল: গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলা আৰক্ষীৰ বিশেষ অভিযানত বুধবাৰে নিশা সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত চতিনাগুৰি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ পাঁচ আলফা স্বাধীন সদস্য ৷ তৰাই গাঁৱৰ ভুৱন গগৈ নামৰ এজন লোকৰ ঘৰৰ পৰা সদস্য কেইজনক গ্ৰেপ্তাৰ কৰে চৰাইদেউ আৰক্ষীয়ে ৷ চৰাইদেউ আৰক্ষী আৰু 244 ফিল্ড ৰেজিমেণ্টৰ সামৰিক বাহিনীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় আলফাৰ সদস্য কেইজন ৷

Five ULFA cader arrested at Soraidew
চৰাইদেউ আৰক্ষীৰ বিশেষ অভিযানত অস্ত্ৰ সহ গ্ৰেপ্তাৰ পাঁচ আলফা সদস্য

গ্ৰেপ্তাৰ হোৱা সদস্য কেইজন ক্ৰমে চাৰ্জেণ্ট মেজৰ অপূৰ্ব গগৈ ওৰফে আৰোহণ অসম,চাৰ্জেণ্ট মেজৰ সীমান্ত গগৈ ওৰফে মাইনা,চাৰ্জেণ্ট মেজৰ যোগেন গগৈ ওৰফে বিৰাজ অসম,লক্ষ্য জ্যোতি গগৈ ওৰফে ধ্ৰুৱ অসম,সিদ্ধাৰ্থ গগৈ ওৰফে চিন্ময় অসম বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ইয়াৰে অপূৰ্ব গগৈ আৰু সীমান্ত গগৈ দুধৰ্ষ আলফা কেডাৰ ৰূপে চিনাক্ত কৰা হৈছে ৷ আনহাতে সীমান্ত গগৈক বোমা বিশেষজ্ঞ বুলি জনাইছে আৰক্ষীয়ে ৷ এই দুয়ো গৰাকী দুধৰ্ষ আলফা সদস্য বিগত 2012 চনৰ পৰা শিৱসাগৰ আৰু চৰাইদেও জিলাত সংঘটিত বহু কূটাঘাত-অপকৰ্মৰ সৈতে জড়িত আছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি অপহৰণ,হত্যা,ধনদাবী আদি বিভিন্ন ঘটনাৰ সৈতে জড়িত এই দুই সদস্য কানুবাৰী চাহ বাগান গুলি চালনা,সাপেখাতী পেট্ৰল পাম্প গুলী চালনা ঘটনা,টিমনবাৰী চাহ বাগানৰ প্ৰৱন্ধক অপহৰণ ঘটনা আৰু শেহতীয়াকৈ গণতন্ত্ৰ দিৱসৰ দিনা সোণাৰী থানাৰ অন্তৰ্গত টিয়কঘাট বোমা বিস্ফোৰণ ঘটনাৰ লগত জড়িত আছিল ৷

উল্লেখ্য যে আটক হোৱা সময়ত এই সকল আলফা সদস্যৰ হাতত কোনো অস্ত্ৰ নাছিল যদিও বৃহস্পতিবাৰে পুৱা ভুৱন গগৈৰ ঘৰৰ পৰা 200 মিটাৰ আঁতৰত লুকুৱাই থোৱা অৱস্থাত অভিযানকাৰী দলে উদ্ধাৰ কৰে বৃহৎ পৰিমাcৰ অস্ত্ৰ শস্ত্ৰ ৷ ইয়াত আছে তিনিটা এমকিউ 81 এচাল্ট ৰাইফল, আঠটা এমকিউ 81 ৰাইফলৰ মেগজিন, এমকিউ 81 ৰাইফলৰ 323 টা গুলি, ৰিছিয়াত নিৰ্মিত 7.65 এটা পিষ্টল আৰু মেগজিন, এটা মেগজিনৰ সৈতে 0.22 ফেক্টৰি নিৰ্মিত পিষ্টল, দুটা 0.22 পিষ্টলৰ গুলি, দুটা 7.65 এম এম পিষ্টলৰ গুলি, দুই কেজি জিলেটিন সদৃশ বিস্ফোৰক, সাত টুকুৰা তিনি মিটাৰ দৈৰ্ঘ্যৰ কৰডেক্স, ষোল্লটা ডিটনেটৰৰ লগতে আলফাৰ পোছাক আৰু দৈনন্দিন ব্যৱহাৰৰ বহু সামগ্ৰী ৷ চৰাইদেউ জিলালৈ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্ততে এনে বৃহৎ অভিযানে হতচকিত কৰি তুলিছে ৰাইজক ৷ ইতিমধ্যে আশ্ৰয় প্ৰদান কৰা ঘৰৰ মুৰব্বীৰ লগতে পাঁচ আলফা সদস্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলি জনাইছে আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও কভিড 19 ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি ছেনিটাইজেশ্যন কৰাৰ লগতে থাৰ্মেল পৰীক্ষা তথা কোভিড 19 পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ কৰ্তব্যৰ মাজতে ঢোল-পেপা-গগনাৰ মাতেৰে মুখৰিত হ'ল জাজৰি থানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.