আমগুৰি, 1 জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথমটো ৰৌদ্দোজ্বল পুৱা আৰু শিৱসাগৰ জিলাৰ দিখৌমুখৰ এটি সুন্দৰ দৃশ্য ৷ শস্য শ্যামলা দিখৌমুখ | ইতিহাস প্ৰসিদ্ধ দিখৌমুখ এতিয়া শাক পাচলিৰে উভৈনদী হৈ পৰিছে | চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া | অপৰূপ সৌন্দৰ্যৰে সৰিয়হৰ হালধীয়া দলিচাত প্ৰাণ পাই উঠিছে দিখৌমুখ।
এই দিখৌমুখতে কঠোৰ সাধনাৰে দিখৌৰ উৰ্বৰা চাপৰি শস্য শ্যামলা কৰিছে এগৰাকী মহিলাই ৷ নাম, বিউটি দত্ত ৷ এইগৰাকী মহিলাই দিখৌৰ চাপৰিত ৰবি শস্যৰ খেতি কৰিছে একক প্ৰচেষ্টাৰে | নিজৰ লগতে সংস্থাপনৰ বাট দেখুৱাইছে আন বহুজনক ৷ নিজে ট্ৰেক্টৰ চলাই,নাঙল টানি ৰবি শস্যৰ বাবে কপালৰ ঘাম মাটিত পেলাই খেতি কৰাৰ লগতে আদৰ্শ দেখুৱাইছে বহুজনক ৷ ৰাজপথত হাজাৰ হাজাৰ ৰাইজে কা বিৰোধী সংগ্ৰাম অব্যাহত ৰখাৰ সময়তে বিউটি দত্তৰ এই কঠোৰ সংগ্ৰামো বহুজনৰ বাবে জাতিৰক্ষাৰ আন এক প্ৰেৰণা হ'ব পাৰে ৷
লগতে পঢ়ক - ইটিভি ভাৰতৰ জৰিয়তে ৰাজ্যবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা মন্ত্ৰীবৰ্গৰ