ETV Bharat / state

লুৰিণ জ্যোতি গগৈয়ে ব’ঠা ধৰিব নেকি অসম জাতীয় পৰিষদৰ !

author img

By

Published : Dec 14, 2020, 9:56 PM IST

আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ঔৰসত জন্ম লোৱা অসম জাতীয় পৰিষদৰ অভিৱৰ্তনৰ আয়োজন ৷ শিৱসাগৰত অনুষ্ঠিত হ'ব অভিবৰ্তন ৷ উক্ত অভিৱৰ্তনতে দলটোৰ এখন পূৰ্ণাংগ কমিটী গঠন কৰা হ'ব ৷

first-session-of-the-newly-formed-jatiya-porishod-council-will-be-held-on-december-16-and-17-at-sivsagar
লুৰিণ জ্যোতি গগৈয়ে বঠা ধৰিব নেকি অসম জাতীয় পৰিষদৰ ?

গুৱাহাটী, 14 ডিচেম্বৰ : 16 আৰু 17 ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ'ব নৱ গঠিত 'অসম জাতীয় পৰিষদৰ প্ৰথমখন অভিৱৰ্তন । সেই অভিৱৰ্তনতে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব সদ্য আছুত্যাগী প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । লগতে, শিৱসাগৰ অভিৱৰ্তনতে দলটোৰ পূৰ্ণাংগ কমিটী গঠন কৰা হ'ব ৷ যাৰবাবে ৰাজনৈতিক মহলত দলটোৰ নেতৃত্ব কোনো লব তাকে লৈ চৰ্চা অব্যাহত আছে ৷

দলটোৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ঔৰসত জন্ম লোৱা অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্বত কোন থাকিব তাকে লৈ বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত থাকিলেও অধিকাংশই সদ্য আছুত্যাগী লুৰিণ জ্যোতি গগৈয়ে এই গুৰু দায়িত্ব লোৱাটো বিচাৰিছে ।

লগতে পঢ়ক : চুডানৰ নাম সন্ত্ৰাসবাদৰ তালিকাৰ পৰা কৰ্তন আমেৰিকাৰ

আনহাতে, একে সময়তে সূত্ৰটোৱে এই বুলিও প্ৰকাশ কৰে যে, যদিওবা দলটোৰ এগৰাকী সভাপতি নিশ্চিত ভাৱেই থাকিব তথাপিও কিন্তু সমূহীয়া নেতৃত্বতহে এই দল পৰিচালিত হ'ব । সভাপতি বা দলৰ মূল কাৰ্যনিৰ্বাহক সমিতিৰ উপৰিও থাকিব এখন সৰ্বোচ্চ সমিতি । এই সমিতি হ'ব নীতি নিৰ্ধাৰক সমিতি । অধ্যাপক বসন্ত ডেকা, কৃষ্ণ গোপাল ভট্টাচাৰ্য আদিকে ধৰি কেইবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰে গঠন কৰা হ'ব এই সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতি । উল্লেখ্য যে, দলৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব এই নীতি নিৰ্ধাৰক সমিতিখনে ।

লগতে পঢ়ক : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ অসম গণ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.