ETV Bharat / state

আমগুৰিৰ জাঁজী জৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Feb 3, 2021, 9:29 AM IST

Updated : Feb 3, 2021, 12:41 PM IST

আমগুৰিৰ জাঁজী জৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড
আমগুৰিৰ জাঁজী জৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

08:45 February 03

আমগুৰি, 3 ফেব্ৰুৱাৰী: আমগুৰি জাঁজী জৰাবাৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড ৷ নিশা প্ৰায় 2:30 বজাত এটা তেলৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড ৷ যতীন বৰুৱা নামৰ লোক এজনৰ ঘৰত মাটিত তেল পুতি ৰখা অৱস্থাতে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো ৷ জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে অঞ্চলতো ৷ যাৰ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ লগতে আতংকিত হৈ পৰে অঞ্চলবাসী ৷ 

লগে লগে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত 4 খনকৈ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ লগতে অইল আৰু অ'এনজিচিৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷ কিন্তু বৰ্তমানলৈকে কি কাৰণত মাটিৰ তলত খাৰুৱা তেল মজুত ৰাখিছিল সেই বিষয়ে জানিব পৰা হোৱা নাই ৷ 

লগতে পঢ়ক: নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Last Updated : Feb 3, 2021, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.