ETV Bharat / state

শিৱসাগৰত বৈদ্যুতিক খুঁটাত জুই লাগি হাহাকাৰ পৰিস্থিতি - শ্ব’ৰ্ট চাৰ্কিট

শিৱসাগৰৰ মাজমজিয়াত হাহাকাৰ পৰিস্থিতি ৷ নগৰখনৰ মাজমজিয়াস্থিত কেন্দ্ৰীয় বজাৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা ৷ বজাৰখনৰ সমীপতে থকা এটা বিদ্যুত পৰিবাহী খুটাত শ্ব’ৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটাৰ ফলত এই পৰিস্থিতি সৃষ্টি হয় ৷

Fire in sivsagar assam etv bharat news
বৈদ্যুতিক খুঁটাত জুই
author img

By

Published : Nov 9, 2020, 6:58 PM IST

শিৱসাগৰ, 9 নৱেম্বৰ: শিৱসাগৰ নগৰত সোমবাৰে দিনৰ ভাগত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতি ৷ নগৰখনৰ মাজমজিয়াস্থিত কেন্দ্ৰীয় বজাৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা ৷ বজাৰখনৰ সমীপতে থকা এটা বিদ্যুত পৰিবাহী খুটাত শ্ব’ৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে ৷ মুহুৰ্ততে খুটাটোত বৃদ্ধি হ’বলৈ ধৰে জুই ৷ জুই দেখি বজাৰখনৰ সমগ্ৰ ব্যৱসায়িক মহলৰ লগতে উপস্থিত ৰাইজৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতি ৷ অৱশ্যে পৰৱৰ্তী সময়ত ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, পূৰ্বেও কেন্দ্ৰীয় বজাৰখনৰ আন এটা দিশত বৈদ্যুতিক খুঁটাত জুই লাগি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ স্থানীয় বিদ্যুৎ বিভাগে বিদ্যুত পৰিবাহী খুঁটা সমূহত অতি বিশৃংখল আৰু বেমেজালি পূৰ্ণভাৱে বৈদ্যুতিক তাঁৰ সমূহ সংযোগ দি থোৱাৰ ফলত এনে ঘটনা সঘনাই সংঘটিত হব ধৰিছে । এনে বিদ্যুৎ সংযোগ ব্যৱস্থা অনতিপলমে শৃংখলিত নকৰিলে কোনো দিনা নগৰখনত এক ভয়াবহ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

লগতে চাওকঃ গাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.