ETV Bharat / state

বিপদসংকুলভাৱে চলিছে শিৱসাগৰৰ দিখৌমুখ-মাজুলী ফেৰীসেৱা

বিপদসংকুলভাৱে চলি আছে শিৱসাগৰ জিলাৰ দিখৌমুখ-মাজুলী ফেৰীসেৱা ৷ পাৰঘাটৰ অভাৱত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে দিখৌমুখত নিৰ্মাণ কৰিবলগীয়া হৈছে অস্থায়ী পাৰঘাট ৷ আনকি বতাহ-বৰষুণটো কৰ্মচাৰীৰ জিৰণিৰ বাবে নাই এটা স্থায়ী গৃহ ৷

author img

By

Published : Dec 21, 2020, 11:19 AM IST

Updated : Dec 21, 2020, 11:41 AM IST

FERRY SERVICE IN SIVSAGAR
বিপদসংকুলভাৱে চলিছে শিৱসাগৰৰ দিখৌমুখ-মাজুলী ফেৰীসেৱা

আমগুৰি,21ডিচেম্বৰঃ পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদীত অধিষ্ঠিত হৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপিন চৰকাৰ ৷ প্ৰতিখন সভাত উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে ৰাজ্য চৰকাৰে ৷ কিন্তু ৰাজ্যত প্ৰকৃততে হৈছেনে উন্নয়ন ? ৰাজ্যৰ উন্নয়নটো দূৰৰ কথা খুদ নিজা চৰকাৰী বিভাগৰে জুৰুলা স্বৰূপ এতিয়া পোহৰলৈ আহিছে ৷

বিপদসংকুলভাৱে চলি আছে শিৱসাগৰ জিলাৰ দিখৌমুখ-মাজুলী ফেৰীসেৱা ৷ পাৰঘাটৰ অভাৱত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে দিখৌমুখত নিৰ্মাণ কৰিবলগীয়া হৈছে অস্থায়ী পাৰঘাট ৷ আনকি বতাহ-বৰষুণটো কৰ্মচাৰীৰ জিৰণিৰ বাবে নাই এটা স্থায়ী গৃহ ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে গৰাখহনীয়াৰ কবলত পৰা দিখৌমুখ-মাজুলী পাৰঘাটৰ বাবে চিন্তিত হৈ পৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকল ৷

উল্লেখ্য যে,দিখৌমুখৰপৰা ফুলনি শালমৰা আৰু মামল চিকাৰী পাৰঘাটলৈ দৈনিক ফেৰী অহা-যোৱা কৰে৷ এইক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দায়িত্বহীনতাৰ বাবে অতি বিপদসংকুলভাৱে দিখৌমুখ পাৰঘাটত যাত্ৰী উঠা-নমা কৰিবলগা হয় ৷

লগতে পঢ়কঃ কৰিমগঞ্জৰ বিস্কুট বেকাৰী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Dec 21, 2020, 11:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.