ETV Bharat / state

পুনৰ আৰম্ভ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান

শুকুৰবাৰৰ পৰা আৰম্ভ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.o । ১০ নৱেম্বৰত পুনৰ ২৫ হাজাৰকৈ টকা সোমাব একাউণ্টত ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Himanta Biswa Sarma launches CM's Atmanirbhar Assam Abhiyan 2.o
পুনৰ আৰম্ভ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (ETV Bharat Assam)

গুৱাহাটী, ১৮ অক্টোবৰ: পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.o। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.o । অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়," যোৱা ৩০ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ১.০ অভিযানৰ অধীনত নিৰ্বাচিত ২৫,২৩৮গৰাকী উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তি হিচাপে ৭৫ হাজাৰ টকাকৈ মুঠ ৫১০ কোটি টকা বিতৰণ কৰা হৈছিল ।"

তেওঁ লগতে কয় কয়,"অহা ১০ নৱেম্বৰত আকৌ ২৫ হাজাৰ টকা তেওঁলোকৰ বেংক একাউণ্ট ভৰাই দিয়া‌ হ'ব । বিগত বছৰৰ ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিল আৰু প্ৰাৰ্থীসকলে আবেদন দাখিল কৰিব পৰাকৈ এটা পৰ্টেলৰ ব্যৱস্থা কৰা হৈছিল । পৰ্টেলযোগে ১,০৪,০৯১গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু তাৰ পৰা নিৰ্বাচিত কৰা হৈছিল ২৫,২৩৮ গৰাকী উদ্যোগী যুৱক-যুৱতীক ।"

"এইবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.o ৰ জৰিয়তে ৭৫ হাজাৰ যুৱক যুৱতীক নিৰ্বাচিত কৰা‌ হ'ব । আবেদনৰ নিয়ম পূৰ্বৰ দৰে থাকিব । মাত্ৰ আবেদনৰ উৰ্দ্ধতম বয়স ৪৫ বছৰ কৰা হৈছে ।" এই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়,"মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ যোগেদি অসমৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি উদ্যোগীকৰণৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে । এই আচঁনিৰ জৰিয়তে নৱ প্ৰজন্মক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ আৰ্থিক অনুদান, প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধা প্ৰদান কৰা । আমি বিশ্বাস কৰো যে আমাৰ যুৱক-যুৱতীসকলে অকল চৰকাৰী চাকৰিৰ বাবে ৰৈ নাথাকি আত্মবিশ্বাসক সাৰোগত কৰি নিজে উপাৰ্জনমুখী হ'ব আৰু আন দহজনৰ আদৰ্শ হ'ব ।"

লগতে পঢ়ক: পাঁচটা সমষ্টিত ১,০৭৮ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ, প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ

অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত আৰম্ভ চি বি আইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.