ETV Bharat / state

সময় নিৰ্দ্ধাৰিত কৰ্মসূচী সাজু কৰি বিদেশী বিতাড়নৰ ব্যৱস্থা কৰক চৰকাৰে: আছু

অসম চুক্তি সম্পাদনৰ ৪০ বছৰ পিছত নাগৰিকত্ব আইনৰ ৬ (ক) দফাক সাংবিধানিক স্বীকৃতি । এই সন্দৰ্ভত আছুৰ প্ৰতিক্ৰিয়া ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

SC verdict
আছুৰ বন্তি প্ৰজ্বলন (ETV Bharat Assam)

গুৱাহাটী: " উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত দিলে এতিয়া দায়িত্ব চৰকাৰৰ ।" এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ । উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে নাগৰিকত্ব আইনৰ ৬ (ক) দফাক সাংবিধানিক বুলি ৰায় প্ৰদান কৰাৰ পাছত শুকুৰবাৰে দিল্লীৰ পৰা উভতি আহি বিমানবন্দৰৰ পৰা পোনে পোনে শ্বহীদ ভৱনত উপস্থিত হৈ এইদৰে মন্তব্য় আগবঢ়াই আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ।

উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে নাগৰিকত্ব আইনৰ ৬ (ক) দফাক সাংবিধানিক বুলি ৰায় প্ৰদান কৰাৰ পাছত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়," উচ্চতম ন্যায়ালয়ে যি ঐতিহাসিক ৰায় প্ৰদান কৰিলে এই ৰায় ঐতিহাসিক অসম আন্দোলন আৰু অসম চুক্তিৰ যুক্তি বলিষ্ঠভাৱে প্রতিষ্ঠা কৰিলে । ছয় বছৰীয়া অসম আন্দোলনৰ পাছত সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে অসম চুক্তি সম্পাদিক হৈছিল ।"

সময় নিৰ্দ্ধাৰিত কৰ্মসূচী সাজু কৰি বিদেশী বিতাড়নৰ ব্যৱস্থা কৰক চৰকাৰে: আছু (ETV Bharat Assam)

চুক্তিৰ দোষ নাই, আছে কাৰ্যকৰীকৰণতহে

আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে পুনৰ কয়," চুক্তি হৈ যোৱা আজি ৪০ বছৰ হ'ল । চুক্তিৰ দোষ নাই । চুক্তিখন কাৰ্যকৰী হোৱা নাই, কাৰ্যকৰীকৰণতহে দোষ আছে । উচ্চতম ন্যায়ালয়ৰ পাছত এতিয়া দায়িত্ব কেন্দ্ৰ আৰু অসম চৰকাৰৰ । অসম চুক্তিৰ প্রতিটো দফা নির্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি অসমৰ সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে ।"

চৰকাৰে হাত সাৱটি বহি থাকিলে নহ'ব

আছুৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হান্সেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকশ কৰি কয়," অসম চুক্তি ৰূপায়নৰ ৩০ বছৰৰ পিছত এচামে অসম চুক্তিত থকা বিদেশী বিতাৰণৰ চন তাৰিখ সলাবলৈ চেষ্টা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । কিন্তু ১২ বছৰৰ ন্যায়িক যুঁজৰ পিছত ন্যায়ালয়ে প্ৰমাণ কৰিলে অসম চুক্তিৰ যুক্তিযুক্ততা আছে আৰু থাকিব । বিদেশী খেদিম বুলি কৈ দুয়োখন চৰকাৰে হাত সাৱটি বহি থাকিলে নহ'ব । সময় নিৰ্দ্ধাৰিত কৰ্মসূচী সাজু কৰি বিদেশী বিতাড়নৰ ব্যৱস্থা কৰক চৰকাৰে । এটা ভাল পদক্ষেপ যে উচ্চতম ন্যায়ালয়ে এইবাৰ তদাৰক কৰিব বিদেশী খেদিবৰ বাবে চৰকাৰে কি কি পৰিকল্পনা হাতত লৈছে ।"

আছুৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ কয়," অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন কৰাহ'লে আজি অসমে বিদেশীৰ বাবে চিন্তা কৰিব লগা নহয় । চৰকাৰে এন আৰ চিৰ কথা কৈ দম্ভালি মাৰি থাকিলেই নহ'ব । এতিয়া দায়িত্ব উচ্চতম ন্যায়ালয়ত চৰকাৰে শপতনামা দাখিল কৰি এন আৰ চিৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰাৰ। "

ইপিনে, আজি আছুৰ প্ৰতিখন জিলা আৰু মহকুমা সমিতিয়ে বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় ।

লগতে পঢ়ক:Constituency Delimitation: নিৰ্বাচন আয়োগৰ শুনানিত আছুৱে দাঙি ধৰিলে নিজৰ দৃষ্টিভংগী

উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি বিমল বড়া, প্ৰশান্ত ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.