আমগুৰি, ১২ ফেব্ৰুৱাৰী: অসম সাহিত্য সভাৰ ২০২০ চনৰ "বকুল বন বঁটা" প্ৰাপক লোকসংস্কৃতিৰ গৱেষক, বকুল বনৰ বঁটা প্ৰাপক ড০ কৃষ্ণকান্ত সন্দিকৈক জাঁজীত বিপুল সম্বৰ্ধনা । শুকুৰবাৰে কৃষ্ণকান্ত সন্দিকৈক শিৱসাগৰৰ জাঁজীত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় ।
জাঁজী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ জাঁজীবাসী ৰাইজৰ সহযোগত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ তথা জাঁজী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অনাতাঁৰ শিল্পী ড° সন্দিকৈক জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কৃষ্ণকান্ত সন্দিকৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ।
আউনীআতীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট কবি যোগেশ কিশোৰ ফুকনে সভাপতিত্ব কৰা অনুষ্ঠানৰ মুকলি সভাত ড০ সন্দিকৈৰ জীৱন আৰু কৰ্ম সম্বলিত এখনি অভিনন্দন গ্ৰন্থও উন্মোচিত কৰা হয় । এই অনুষ্ঠানত স্থানীয় বিভিন্ন দল সংগঠন, অনুষ্ঠান তথা ড° সন্দিকৈৰ অনেক গুণমুগ্ধই সাহিত্যিকজনক সম্বৰ্ধনা জনায় ।
লগতে পঢ়ক:বাক্সাত সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান