ETV Bharat / state

ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ দাবী শিৱসাগৰৰ গো-পালকৰ - দৰিদ্ৰ কৃষকসকলে সন্মুখীন হোৱা ক্ষতি

গো-সুৰক্ষা আইনৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা শিৱসাগৰৰ গো-পালকৰ ক্ষোভ । উপযুক্ত ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ দাবীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে গো-পালকসকলে । এই দাবী মানি নল'লে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ গো-পালকসকলৰ ।

FARMER PROTEST IN SIVSAGAR
ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ দাবী শিৱসাগৰৰ গো পালকৰ
author img

By

Published : Sep 16, 2021, 5:08 PM IST

শিৱসাগৰ, ১৬ ছেপ্টেম্বৰ: ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ দাবীত ৰাজপথলৈ ওলাই আহিল শিৱসাগৰৰ গো-পালক । গো-সুৰক্ষা আইনৰ বাবে ক্ষতিৰ সন্মুখীন হোৱাৰ অভিযোগ তুলিছে এই গো-পালকসকলে । তেওঁলোকৰ মতে, এই আইনখনৰ বাবে তেওঁলোকৰ উপাৰ্জনৰ পথ প্ৰায় বন্ধ হৈ পৰিছে । জিলাখনৰ নৈপৰীয়া অঞ্চলৰ গো-পালকে আৰ্থিক অনাটনত ভূগিবলগীয়া হৈছে ।

কিয়নো, কৃষকসকলে হাজাৰ হাজাৰ টকা ব্যয় কৰি গো-ধন পালন কৰিছে যদিও এতিয়া বিক্ৰী কৰিব পৰা নাই । সেয়ে, লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে । উপায়হীন হৈ বুধবাৰে উপযুক্ত ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ দাবীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে গো-পালকসকলে । হাতে হাতে বিভিন্ন শ্ল'গান সম্বলিত প্লে'কাৰ্ড লৈ সমদলত অংশ লয় গো-পালকসকলে আৰু শিৱসাগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ দাবী শিৱসাগৰৰ গো পালকৰ

গো-পালকসকলে জনোৱা মতে, জিলাখনৰ নৈপৰীয়া অঞ্চলৰ কেইবাখনো গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালে গো-পালন কৰে । কৃষকসকলৰ জীৱন আৰু জীৱিকাৰ অন্যতম উৎস হ'ল গো-পালন ।

গো-পালন জৰিয়তেই তেওঁলোকে কৃষি অর্থনীতি টনকিয়াল কৰিবলৈ সক্ষম হয় । কিন্তু এতিয়া গো-সুৰক্ষা আইনে তেওঁলোকৰ এই জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে । ফলত তেওঁলোকৰ বাবে পৰিয়াল পোহপাল দিয়াটো অতি জটিল হৈ পৰিছে ।

সেয়ে, দৰিদ্ৰ কৃষকসকলে সন্মুখীন হোৱা ক্ষতিৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত ক্ষতিপূৰণ আৰু জীৱিকাৰ বিকল্প সংস্থাপনৰ বাবে দাবী উত্থাপন কৰিছে গো-পালকৰ পৰিয়ালসমূহে । তেওঁলোকৰ দাবীসমূহ মানি নল'লে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰো দিছে গো-পালকসকলে ।

লগতে পঢ়ক:সকলো জিলাতে টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.