ETV Bharat / state

আমগুৰিত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

author img

By

Published : Jan 23, 2021, 12:42 PM IST

শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰীত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী । দীৰ্ঘদিন ধৰি অঞ্চলটোত ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ।

আমগুৰিত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
আমগুৰিত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

আমগুৰি, ২৩ জানুৱাৰী : শনিবাৰে পুৱতি নিশা শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰীত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী । উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে । স্থানীয় ৰাইজৰ মতে, অঞ্চলটোত নাহৰফুটুকীটোৱে যথেষ্ট সংখ্যক গৰু-ছাগলী ভক্ষণ কৰি আহিছিল। ফলত বন বিভাগৰ লোকক অৱগত কৰিছিল ৰাইজে ৷ আনকি স্থানীয় লোকে বহুবাৰ বাঘটোক পিঞ্জৰা স্থাপন কৰি পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল । তেনেসময়তে শনিবাৰে পুৱতি নিশা স্থানীয় লোকে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰে । তাৰ পাচত পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোক বন বিভাগৰ লোকৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত বাঘৰ ত্ৰাস অব্যাহত আছে । বাঘৰ এই ত্ৰাসত নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও পোহনীয়া জীৱ-জন্তুও ভক্ষণ কৰি আহিছে । তাৰ পাচতো বন বিভাগে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণত বহু সময়ত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:17 গৰাকী কৃষক আৰু শিপিনীলৈ 'কৃষক কলাকাৰ' আৰু 'শিপিনী কলাকাৰ' সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.