শিৱসাগৰ, 19 ফেব্ৰুৱাৰীঃ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে মঙলবাৰে শিৱসাগৰত এক দলীয় সভাত অংশগ্ৰহণ কৰিছিল ৷ সেই সভাৰ পৰাই তেওঁ দলৰ 100+ বিধানসভা আসন দখলৰ অভিযানৰ বাবে 2021 নিৰ্বাচনলৈ সাজু হ'বলৈ আহ্বান জনাই সমৰ্থক তথা দলীয় কৰ্মীসকলক ৷ উল্লেখ্য যে বিজেপিৰ দখলত নথকা সমষ্টিসমূহত বিগত দিনবোৰত সাংগঠনিক স্থিতিৰ বুজ লৈ আছে বিজেপি সভাপতিগৰাকীয়ে ৷
আনহাতে দিল্লীত বিজেপি দলৰ বিপৰ্যয়, ‘কা’ বিৰোধী আন্দোলন, অৰ্থনৈতিক বিপৰ্যয় ইত্যাদি বিষয়সমূহে ৰাইজক বিজেপি বিৰোধী কৰাৰ পাছতো বিজেপিৰ এনে ১০০+ অভিযান কি দৰে সম্ভৱ হ'ব সেই সন্দৰ্ভথ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিজেপি দিল্লীত হৰা নাই ৷ ‘কা' আন্দোলন এক ক্ষন্তেকীয়া আৱেগহে । এনে আৱেগৰ ফলতে ‘85’ চনত এখন নতুন চৰকাৰ গঠন হৈছিল ৷ এতিয়াও অসমীয়া জাতি কিছু আৱেগিক সময়ত আছে । কিন্তু সময় পাৰ হ’লে সকলো পাহৰিব এই মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ অসমীয়া জাতিৰ শত্ৰু নহয় বিজেপি, অসমীয়া জাতি সত্বাৰ বিৰুদ্ধে বিজেপি দল কেতিয়াও নাযায় বুলি তেওঁ উল্লেখ কৰে ৷
ইফালে সভাপতিগৰাকীয়ে কয় শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ গগৈৰ মৃত্যুৰ পাছত পুনৰ নিৰ্বাচনৰ সম্ভাৱনা দেখা দিয়া শিৱসাগৰ সমষ্টিত উপযুক্ত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সাজু বিজেপি দল । লগতে তেওঁ উল্লেখ কৰে যে, আগন্তুক 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ দূৰ্গ স্বৰূপ তিতাবৰ, মৰিয়নী আৰু নাজিৰা সমষ্টি বিজেপি দলে লাভ কৰিব ৷
এই গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰাৰ পাছতো কিন্তু মৰিয়নী সমষ্টিত যি প্ৰাৰ্থীয়ে বিজেপি দলৰ হৈ জয়ী হ'ব তেওঁক মন্ত্ৰীত্বৰ টোপ দিয়া হৈছে নেকি বুলি সোধাত সভাপতিগৰাকীয়ে মৰিয়নী সমষ্টি বহু পিছপৰি গৈছে এই সমষ্টিটো আগবঢ়াব লগিব বুলি উল্লেখ কৰে ৷
আৰু পঢ়কঃচিৰাঙৰ বিজনীত শিক্ষকৰ উদ্ভাৱন মূলক শিক্ষা শিকণ প্ৰক্ৰিয়া প্ৰদৰ্শন