আমগুৰি,11 ডিচেম্বৰ : শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ নামদাং নৈত চলিছে অসাধু ব্যৱসায়ীৰ বৃহৎ বান্ধ ৷ শ’লগুৰিত বোৱতী নৈৰ ওপৰত ভেটা দি দৈনিক পুৱতি নিশা 5-6 খন গাড়ীৰে অহৰহ মাটি কঢ়িওৱা পৰিলক্ষিত হৈছে ৷ নৈখনক ভেটা দি ভূ-মাফিয়া চক্ৰ নামিছে মাটি খননত ।
ঘটনা সন্দৰ্ভত শিৱসাগৰ জিলা বন বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় লোকৰ সুবিধা-অসুবিধালৈ গুৰুত্ব নিদি মাফিয়া চক্ৰৰ এনে কাণ্ডৰ বিৰুদ্ধে সচেতন লোকে ক্ষোভ উজাৰিছে ।
লগতে পঢ়ক : জাগীৰোডত ব্ৰইলাৰৰ অৱশিষ্ট কঢ়িয়াই অনা চাৰিখনকৈ বাহন জব্দ