ETV Bharat / state

CID ৰ জালত প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হক লস্কৰ

author img

By

Published : Oct 22, 2019, 12:25 PM IST

উল্লেখ্য যে তৰুণ গগৈৰ কাৰ্যকালত প্ৰাক্তন বিধায়ক লস্কৰে চাৰিগৰাকী মধ্যভোগীৰ জৰিয়তে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ নাথৰ পুত্ৰ প্ৰশান্ত নাথৰ লগতে বহু কেইজন ঠিকাদাৰক জলসিঞ্চন বিভাগত কাম দিয়াৰ প্ৰলোভনেৰে লক্ষাধিক টকাৰ উৎকোচ লোৱাৰ উপৰিও অন্য অবৈধ লেনদেনত জৰিত থকাৰ অভিযোগত অভিযুক্ত ৷

তেজপুৰ

তেজপুৰ,২২ অক্টোবৰ: ৰঙাঘৰৰ আলহী হ'ল প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হক লস্কৰ । জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথে আত্মহননৰ পূৰ্বে লিখা চিঠিৰ আধাৰত সোমবাৰে সন্ধিয়া ৫ বজাত CID য়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিধায়ক গৰাকীক ৷ CID য়ে নিশায়ে গুৱাহাটীৰ পৰা তেজপুৰলৈ লৈ যায় সোনাই সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা জলসিঞ্চন বিভাগৰ প্ৰাক্তন অ এছ ডি লস্কৰক।

কাৰাগৰাৰ আলহী এনামূল হক লস্কৰ

উল্লেখ্য যে, তৰুণ গগৈৰ কাৰ্যকালত প্ৰাক্তন বিধায়ক লস্কৰে চাৰিগৰাকী মধ্যভোগীৰ জৰিয়তে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ নাথৰ পুত্ৰ প্ৰশান্ত নাথৰ লগতে বহু কেইজন ঠিকাদাৰক জলসিঞ্চন বিভাগত কাম দিয়াৰ প্ৰলোভনেৰে লক্ষাধিক টকাৰ উৎকোচ লোৱাৰ উপৰিও অন্য অবৈধ লেনদেনত জৰিত থকাৰ অভিযোগত উভিযুক্ত ৷ মথুৰ নাথে আত্মহনন কৰাৰ পূৰ্বে লিখি যোৱা চিঠিত বিভাগটোৰ তদানীন্তন অ এছ ডি এনামূল হক লস্কৰ, ধীৰেন ডেকা, প্ৰতুল ভাগৱতী, ত্ৰইলোক্য মোহন কলিতা , দিলীপ দাস আৰু ঋতুপৰ্ণ বৰাসহ NDFBৰ আত্মসমৰ্পনকাৰী তিনি গৰাকী কেডাৰ জৰিত থকাৰ কথা উল্লেখ কৰিছিল।

তেজপুৰ আৰক্ষীয়ে মথুৰ নাথৰ আত্মহত্যাৰ পিচত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০৬/৫০৬/৩৪ ধৰাত এক গোচৰ ৰুজু কৰে ৷ তেজপুৰ খানৰ গোচৰ নম্বৰ ১৬৫১/১২ ত তদন্ত আৰম্ভ হয় যদিও কংগ্ৰেছৰ তৃতীয়তো শাসন কালত সোনাই সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়কৰূপে লস্কৰ নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত তদন্ত ৰহস্যজনক ভাৱে স্থগিত হৈ পৰিছিল।

Intro:DL Exclusive : at Tezpur

তেজপুৰ,২২ অক্টোবৰ: এইবাৰ তেজপুৰ কাৰাগৰাৰ আলহী প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হক লস্কৰ ।জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথৰ আত্মহননৰ পূৰ্বে লিখা চিঠিৰ আধাৰত সোমবাৰে সন্ধিয়া ৫ বজাত গুৱাহাটীত চি আই ডি এ , গ্ৰেপ্তাৰ কৰি ৰাতি তেজপুৰলৈ এনে সোনাই সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা জলসিঞ্চন বিভাগৰ প্ৰাক্তন অ এছ ডি লস্কৰ ।

Body:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় তো কাৰ্যকালত সোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক লস্কৰে চাৰি গৰাকী মধ্যভোগী ৰ জৰিয়তে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ নাথৰ পুত্ৰ প্ৰশান্ত নাথৰ লগত বহু কেইজন ঠিকাদাৰক জলসিঞ্চন বিভাগত কাম দিয়াৰ প্ৰলোভনৰে ২৬ লাখ ৰ অধিক অবৈধ লেন দেনৰ লগত বিভাগটোৰ তদানীন্তন অ এছ ডি এনামূল হক লস্কৰ ,ধীৰেন ডেকা, প্ৰতুল ভাগৱতী, ত্ৰইলোক্য মোহন কলিতা ,দিলীপ দাস, আৰু ঋতুপৰ্ণ বৰাসহ এন ডি এফ ৰ আত্মসর্প কাৰী তিনি গৰাকী কেডাৰ জড়িত থকাৰ কথা মথুৰ নাথে আত্মহননৰ ১৯ পৃষ্ঠা ৰ চিঠি ত উল্লেখ কৰিছিল । নাথে ২০১২ চনৰ ২৬ নৱেম্বৰ ত আত্মহত্যা কৰিছিল ।
তেজপুৰ আৰক্ষী য়ে নাথৰ আত্মহত্যা ৰ পিছত ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৩০৬/৫০৬/৩৪ ধৰাত এক গোচৰ ৰুজু কৰি তেজপুৰ খানৰ গোচৰ নম্বৰ ১৬৫১/১২ তদন্ত আৰম্ভ কৰিছিল যদিও লস্কৰ কংগ্ৰেছৰ তৃতীয় তো শাসন কালত অসমৰ সোনাই সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰহস্যময় ভাবে তদন্ত স্তিমিত হৈ পৰে ।

Conclusion:কিন্তু শেহতীয়া কৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অসম আৰক্ষীৰ চি আই ডি য়ে, তদন্ত আৰম্ভ কৰে আৰু লস্কৰৰ লগত আৰু চাৰি জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২২/১০/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.