আমগুৰি,২৪ ডিচেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ প্ৰভাৱে সামৰি লৈছিল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ প্ৰতিটো প্ৰান্তৰ লোকক । কেৱল অসমৰে নহয় উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্তটো বিৰাজমান শংকৰ গুৰুজনাৰ একশৰণ নামধৰ্মৰ প্ৰভাৱ । নগা লোকসকলক প্ৰতিনিধিত্ব কৰা নৰোত্তম আছিল শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য । শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ বাবে অসমৰ চুকে কোণে প্ৰতিষ্ঠা হৈছে নামঘৰসমূহ । প্ৰকৃততে নামঘৰৰ উপস্থিতিয়ে শংকৰ-ধৰ্মক এক নিজস্ব ধাৰাৰে বন্দী কৰিছিল ।
অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডত ধৰ্মীয়-পৰম্পৰা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল নামঘৰ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি নামঘৰৰ যোগেদি নাগালেণ্ডত সমন্বয়ৰ বাৰ্তা বিলাইছে অসমৰ কেইবাটাও পৰিয়ালে । নাগালেণ্ডৰ মোককচং জিলাৰ টুলীত নামঘৰ প্ৰতিষ্ঠা কৰি শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শক প্ৰাণৱন্ত কৰি তুলিছে । ১৯৯৪ চনতে নগালেণ্ড টুলী পেপাৰ মিলত কৰ্মৰত অসমৰ বহুকেইটা পৰিয়ালে প্ৰতিষ্ঠা কৰে সাৰ্বজনীন নামঘৰ ।
মুছলমান আৰু হিন্দু উভয় সম্প্ৰদায়ৰ লোকে প্ৰতিষ্ঠা কৰা নামঘৰভাগত প্ৰত্যেক বছৰে বছেৰেকীয়া নাম-কীৰ্ত্তন অনুষ্ঠিত হয় । বৰ্তমান ১০ টা পৰিয়ালে নাগালেণ্ডত শংকৰ গুৰুজনাৰ আদৰ্শ জীয়াই ৰাখি নগাৰাজ্যত নামঘৰ প্ৰতিষ্ঠাৰে সম্প্ৰীতিৰ এনাজৰী বান্ধি ৰাখিছে । চাওল্যুং চ্যুকাফাই যেনেকৈ বাহুবলেৰে বৰ অসম একতা কৰিছিল তেনেকৈ শংকৰদেৱেও ধৰ্মৰ জৰিয়তে বৰলুইতৰ দুয়োপাৰ একতাৰ ডোলেৰে বান্ধি ৰাখিছিল । যি বান্ধোন এৰিব পৰা নাই অসমৰ সমাজৰ পৰা পৃথক হৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বসতি কৰা এইসমূহ পৰিয়ালে ।
গুৰুজনাৰ অপূৰ্ব সৃষ্টি হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল নাগালেণ্ডৰ মোককচং জিলাৰ টুলীৰ নামঘৰ । সকলোৱে নাগালেণ্ডৰ টুলীৰ নামঘৰত বিলীন হ'ল ভক্তিৰসত ।
লগতে পঢ়ক: আজি মাতৃভাষা সংকটৰ সন্মুখীন হৈছে: উৎপল শৰ্মা