আমগুৰি, ২৭ফেব্ৰুৱাৰী: নিৰ্বাচনী সভাৰ বিপৰীতে সমষ্টিবাসীৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ব্যতিক্ৰমী কৌশল অৱলম্বন কৰিছে শিৱসাগৰৰ আমগুৰিৰ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই । শুকুৰবাৰে নিশা আমগুৰিৰ মোকালনি মিছিং গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ নেত্ৰীগৰাগকীয়ে । হাতত টৰ্চ লৈ প্ৰতিখন ঘৰলৈ গৈ অংকিতা দত্তই ভোটাৰক আকৃষ্ট কৰাৰ প্ৰয়াস কৰে ।
প্ৰতিবছৰে বাৰিষাৰ বানে বিধ্বস্ত কৰা গাঁওখনৰ ৰাইজৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । মিচিং জনগোষ্ঠীৰ যুৱতীৰ সৈতে অংকিতা দত্তই গোমৰাগ নৃত্যও কৰে । কেৱল এয়াই নহয়, সকলোৰে লগত এসাঁজ আহাৰ গ্ৰহণ কৰাৰ লগতে মোকালনি মিছিং গাঁৱত চাংঘৰতে নিশা কটায় কংগ্ৰেছ নেত্ৰী তথা আমগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী অংকিতা দত্তই ।
মুঠতে ভোটাৰৰ কাষ চপাৰ সুযোগ এৰি দিয়া নাই এইসকল প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে । বিধানসভা নিৰ্বাচনত সমষ্টিবাসীৰ আশীৰ্বাদ লাভ কৰিবলৈ এইদৰে ব্যতিক্ৰমী প্ৰচাৰ অভিযান চলাইছে ।