ETV Bharat / state

শিৱসাগৰত ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস প্ৰশাসনৰ - hiranya deka, brand ambesedar

বিধানসভা নিৰ্বাচনত শিৱসাগৰ নিৰ্বাচনী জিলাত ভোটদানৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে বুধবাৰৰ পৰা জিলাখনত বিশেষ অভিযান আৰম্ভ কৰা হৈছে । অভিনেতা হিৰণ্য ডেকাক শিৱসাগৰ নিৰ্বাচনী জিলাৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োগ কৰা হৈছে ।

শিৱসাগৰত ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস প্ৰশাসনৰ

author img

By

Published : Feb 24, 2021, 5:42 PM IST

Updated : Feb 24, 2021, 7:18 PM IST

শিৱসাগৰ, ২৪ ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে শিৱসাগৰ নিৰ্বাচনী জিলা প্ৰশাসন । এইবাৰ নিৰ্বাচনত শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনি সমষ্টি ক্ৰমে শিৱসাগৰ,আমগুৰি আৰু থাওৰা সমষ্টিৰ ভোটাদান ১০০ শতাংশ নিশ্চিত কৰাৰ চেষ্টা কৰিছে শিৱসাগৰ নিৰ্বাচনী জিলা প্ৰশাসনে । ভোটাৰক সজাগ কৰাৰ বাবে শিৱসাগৰ নিৰ্বাচনী জিলা প্ৰশাসনৰ উদ্যোগত এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে ।

শিৱসাগৰত ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস প্ৰশাসনৰ

বুধবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এই সজাগতামূক অভিযানৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই । প্ৰশাসনে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছে । নতুন ভোটাৰসকলক আকৃষ্ট কৰিব পৰাকৈ কুইজ, চিত্ৰাংকণ প্ৰতিযোগিতা, বাটৰ নাট আদি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছে ।

ন-ভোটাৰৰ লগতে সামগ্ৰিকভাৱে সকলো ভোটাৰক ভোটাধিকাৰ সাবস্ত্য কৰাৰ বাবে আকৃষ্ট কৰিব পৰাকৈ শিৱসাগৰ নিৰ্বাচনী জিলা প্ৰশাসনে ব্ৰেণ্ড এম্বেছাদৰ ৰূপে প্ৰখ্যাত কৌতুক অভিনেতা হিৰণ্য ডেকাক নিয়োগ কৰিছে । মঙলবাৰৰ পৰা ব্ৰেণ্ড এম্বেছাদৰ হিৰণ্য ডেকাই শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা সমষ্টিত সজাগতামূলক অভিযানত অংশগ্ৰহণ কৰিছে । মঙলবাৰে আমগুৰি সমষ্টিৰ বিভিন্ন মহাবিদ্যালয়ৰ লগতে শিৱসাগৰ নগৰত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাত সজাগতা অভিযান চলাব হিৰণ্য ডেকাই ।

লগতে পঢ়ক:আমগুৰিত চাহ শ্ৰমিক মজদুৰ সংঘৰ প্ৰতিবাদ

Last Updated : Feb 24, 2021, 7:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.