ETV Bharat / state

Eid shopping going on: ঈদৰ বিভিন্ন সামগ্ৰীৰে ভৰিছে শিৱসাগৰৰ বজাৰ - Eid shopping going on in Sivasagar market

ঈদ-উল-আজহা বা বকৰি ঈদক লৈ ইছলাম ধৰ্মী ৰাইজৰ মাজত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে (Muslims are preparing for Eid) । শিৱসাগৰৰ বজাৰত ঈদৰ লগত সংগতি ৰাখি ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে (Eid special market in Sivasagar)। অৱশ্যে পূৰ্বতকৈ গ্ৰাহকৰ ভিৰ নাই বজাৰত ।

Sivasagar
ঈদৰ বিভিন্ন সামগ্ৰীৰে ভৰিছে শিৱসাগৰৰ বজাৰ
author img

By

Published : Jul 9, 2022, 3:07 PM IST

শিৱসাগৰ,৯ জুলাই : কাইলৈ অৰ্থাৎ দেওবাৰে ইছলাম ধৰ্মী ৰাইজৰ ঈদ-উল-আজহা বা বকৰি ঈদ (Eid-ul-Adha 2022)। ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ঈদক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । ইছলাম ধৰ্মী লোকসকলে ঈদৰ প্ৰস্তুতি চলাইছে(Muslims are preparing for Eid) ।

বজাৰ ভৰিছে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে (Eid market)। ফল, পাচলি, মাছ-মাংস, মিঠাইৰ বিপনীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে । অসমৰ বাকী জিলাসমূহৰ দৰে শিৱসাগৰতো ঈদৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে (Eid preparation in Sivasagar)। বজাৰ ঈদৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে ।

ঈদৰ বিভিন্ন সামগ্ৰীৰে ভৰিছে শিৱসাগৰৰ বজাৰ

ঈদৰ নামাজত পৰিধান কৰা নানা ৰঙীন টুপিৰ লগতে আতৰ, চেৱৈ, খেজুৰ আদিৰ লগতে ঈদৰ লগত সংগতি ৰাখি ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী বজাৰত ভৰি পৰিছে (Eid special market in Sivasagar)। অৱশ্যে এই সময়ত প্ৰখৰ ৰ'দৰ বাবে বজাৰত গ্ৰাহকৰ ভিৰ কিছু সীমিত দেখিবলৈ পোৱা গৈছে । কিন্তু বিয়লিলৈ বজাৰত যথেষ্ট গ্ৰাহকৰ ভিৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে ।

বিগত প্ৰায় দুবছৰত ক'ভিডে কিছু পৰিমাণে ঈদৰ আনন্দত হেঙাৰ হৈছিল যদিও এইবাৰ ক'ভিডৰ ভয়াৱহতা কিছু হ্ৰাস হোৱাৰ লগে লগে ইছলাম ধৰ্মীলোকসকলৰ মাজত ঈদক লৈ আনন্দ উল্লাহে বিৰাজ কৰিছে । অৱশ্যে বজাৰৰ মূল্যবৃদ্ধিয়ে এই ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিছে (Price hike of commodities effects Eid)। প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বাবে বহু লোকে পূৰ্বৰ দৰে বহলভাৱে ঈদ উদযাপন কৰিব নোৱাৰিব বুলিও আশংকা কৰিছে । ইয়াৰ মাজতে শেহতীয়াকৈ হৈ যোৱা বানেও বহু ঠাইত ঈদৰ আনন্দ উল্লাহ ম্লান পেলোৱা দেখা গৈছে ।

সমান্তৰালকৈ বকৰি ঈদৰ কুৰ্বানি সম্পৰ্কে অসম চৰকাৰে কৰা ঘোষণাক লৈও বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Assam govt bans on Kurbani) । বহু লোকে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনোৱাৰ বিপৰীতে ইছলাম ধৰ্মী একাংশ লোকে ইয়াৰ বিৰোধিতা কৰিছে ।

লগতে পঢ়ক :কুৰ্বানিক কেন্দ্ৰ কৰি ক’তো বিতৰ্ক হোৱা নাই: কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.