ETV Bharat / state

নৱ-প্ৰজন্মৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰীৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মা - Diganta Biswa Sarma

কথাই-কথাই গালি পাৰি থকা নৱ-প্ৰজন্মক লৈ শৈক্ষিক বক্তৃতা অনুষ্ঠানত ধনাত্মক দৃষ্টিভংগী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ ৷ পূৰ্ব প্ৰজন্মতকৈ অধিক দক্ষতাৰে দেশক আগুৱাই নিব বুলি দৃঢ় বিশ্বাস দিগন্ত বিশ্ব শৰ্মাৰ ৷

Educational_Leacture
নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত শৈক্ষিক বক্তৃতা অনুষ্ঠান
author img

By

Published : Nov 13, 2021, 11:48 AM IST

আমগুৰি, 13 নৱেম্বৰ : শিৱসাগৰ জিলাৰ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত শুকুৰবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী আৰু ভাতৃ দিগন্ত বিশ্ব শৰ্মা ৷ মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা শৈক্ষিক বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেওঁলোক ৷

"কোনো আনুষ্ঠানিক শিক্ষা, বিজ্ঞান শিক্ষাই মানুহক মানুহ হিচাপে গঢ়ি নোতোলে, মানুহে অন্তৰৰ নিভৃত কোণত ভগৱানৰ সন্ধান পালেহে মানুহৰ মনুষ্যত্ব অটুট থাকিব "এই বক্তব্যৰে নিজৰ ভাষণ দাঙি ধৰে সাহিত্য একাডেমী অনুবাদ বঁটা প্ৰাপক(2020) দিগন্ত বিশ্ব শৰ্মাই ৷ আনহাতে অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ তথা সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে ৷

Educational_Leacture
শৈক্ষিক বক্তৃতা অনুষ্ঠান

মহাবিদ্যালয়খনৰ প্ৰবক্তা তথা লেখিকা ড৹ মৌচুমী ৰেখা খাউণ্ডৰ নৱ-ৰচিত ‘লোকপ্ৰজ্ঞাত নাৰী’ নামেৰে গ্ৰন্থখনি উন্মোচন কৰি মৃণালিনী দেৱীয়ে নিজৰ বক্তব্য ৰাখে ৷ অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি নাথ, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বহু কেইজন গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

সংবাদ মাধ্যমৰ প্ৰশ্নত দিগন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে, "মই যিমান ঠাইলৈ সভা সমিতিত গৈছো সেই স্থান সমূহত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলেহে কৰিছে; কোনো ডক্টৰেট, অধ্যাপক, শিক্ষিত বয়োজ্যেষ্ঠ ব্যক্তিয়ে কৰা নাই ৷ সেয়েহে মই নৱপ্ৰজন্মক কোনো কাৰণতে দোষ দিব নোৱাৰো ৷ এতিয়াৰ নৱপ্ৰজন্ম যথেষ্ট মেধাৱী, দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত নৱপ্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা লব ৷’

লগতে চাওক : ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল অসম শিক্ষক সন্থাৰ বাৰ্ষিক অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.