ETV Bharat / state

দিখৌ নৈৰ জাৱৰ নিষ্কাশনৰ দায়িত্ব তেল আৰু প্ৰাকৃতিক গেছ নিগমক

author img

By

Published : Jan 7, 2020, 4:49 PM IST

নাজিৰা মহকুমা প্ৰশাসনৰ অনুৰোধ মৰ্মে মঙলবাৰে অ’ এন জি চি ক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত দিখৌৰ পাৰৰ জাৱৰ নিষ্কাশনৰ দায়িত্ব প্ৰদান কৰা হয় ৷ বহুবছৰ ধৰি দিখৌ নদীৰ দুয়োপাৰে নাজিৰা আৰু শিমলুগুৰি পৌৰসভাই নগৰখনৰ জাৱৰ-জোঁথৰ পেলাই পৰিৱেশ বিনষ্ট কৰি আহিছিল ৷

নাজিৰা
নৈগমিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এই নিষ্কাশন

নাজিৰা,৭ জানুৱাৰীঃ দীৰ্ঘদিন ধৰি নাজিৰাৰ দিখৌ নদীৰ দুয়োপাৰে জমা হৈ থকা আৱৰ্জনা নিষ্কাশন কৰিবলৈ আগবাঢ়ি আহিল অ’ এন জি চি ৷ নাজিৰা মহকুমা প্ৰশাসনৰ অনুৰোধ মৰ্মে মঙলবাৰে অ’ এন জি চি ক নৈগমিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এই জাৱৰ নিষ্কাশনৰ দায়িত্ব প্ৰদান কৰা হয় ৷ বহুবছৰ ধৰি দিখৌ নদীৰ দুয়োপাৰে নাজিৰা আৰু শিমলুগুৰি পৌৰসভাই নগৰখনৰ জাৱৰ-জোঁথৰ পেলাই পৰিৱেশ বিনষ্ট কৰি আহিছিল ৷ এই সম্পৰ্কে সংবাদমাধ্যমত পূৰ্বে বাতৰি প্ৰচাৰিত হৈছিল ৷ স্থানীয় ৰাইজ তথা বহুকেইটা জাতীয় সংগঠনে এই জাৱৰসমূহ পথৰ দাঁতিত নেপেলাবলৈ অনুৰোধ কৰিছিল পৌৰসভাক ৷

অ’ এন জি চি ক দায়িত্ব

ইয়াৰোপৰি শিমলুগুৰিৰ শ্মশানঘাটত পৌৰসভাই নগৰৰ গেলা-পচা সামগ্ৰী পেলাই বিনষ্ট কৰি আহিছিল পৰিৱেশ ৷ অৱশেষত নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ অনুৰোধত এই জাৱৰসমূহ নিষ্কাশনৰ দ্বায়িত্ব লৈছে অ’ এন জি চিএ ৷ শিমলুগুৰি শ্মশানঘাট আৰু নাজিৰা নগৰৰ প্ৰৱেশদ্বাৰৰ জাৱৰ নিষ্কাশন কৰি জৈৱিক সাৰ প্ৰস্তুত কৰিব কোম্পানীটোৱে ৷

লগতে চাওকঃ বাৰাণসী ৰে’ল ষ্টেচনত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিক

Intro:Body:NABUL KONWAR
DATE- 7/1/2020
NAZIRA, ASSAM.

নাজিৰা, ৭ জানুৱাৰী- নাজিৰাৰ দিখৌ নদীৰ দুয়োপাৰে জমা হৈ থকা আৱৰ্জনা নিষ্কাশন কৰিবলৈ আগবাঢ়ি আহিল অএনজিচি৷ নাজিৰা মহকুমা প্ৰশাসনৰ অনুৰোধত অএনজিচিৰ নৈগমিক সামাজিক দায়বদ্ধতা আচনিৰ অধীনত এই জাবৰ নিষ্কাশন কৰিব অএনজিচিএ৷

বিগত বহু বছৰ ধৰি দিখৌ নদীৰ দলংৰ দুয়োপাৰত নাজিৰা আৰু শিমলুগুৰি পৌৰসভাই নগৰৰ জাৱৰ পেলাই পৰিবেশ বিনষ্ট কৰাৰ বাতৰি প্ৰচাৰিত হৈছিল সংবাদ মাধ্যমত৷ সাধাৰণ জনতা তথা বহুকেইটা জাতীয় সংগঠনে এই জাৱৰ সমুহ পথৰ কাষত নেপেলাবলৈ অনুৰোধ কৰিছিল পৌৰসভাক৷ লগতে শিমলুগুৰি শ্মশান ঘাটত শিমলুগুৰি পৌৰসভাই নগৰৰ গেলাপচা সামগ্ৰী পেলাই বিনষ্ট কৰিছিল পৰিবেশ৷ অৱশেষত নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ অনুৰোধত এই জা্ৱৰ সমুহ নিষ্কাশন দ্বায়িত্ব লৈছে মহাৰত্ন কোম্পানী খ্যাত ONGC এ৷ ONGCৰ নৈগমিক সামাজিক দ্বায়বদ্ধতা আচনিৰ দ্বাৰা শিমলুগুৰি শ্মশান ঘাট আৰু নাজিৰা নগৰৰ প্ৰবেশদ্বাৰৰ জাৱৰ নিষ্কাশন কৰি জৈৱিক সাৰ প্ৰস্তুত কৰিব৷ লগতে শিমলুগুৰি শ্মশান ঘাটৰ জাৱৰ পেলুৱা সন্দৰ্যবৰ্ধন কৰিব ৷ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.