ETV Bharat / state

শিৱসাগৰ সমষ্টিৰ খচৰা ভোটাৰ তালিকাৰ সংশোধনী প্ৰকাশ

author img

By

Published : Nov 2, 2021, 1:01 PM IST

প্ৰকাশ পালে শিৱসাগৰ বিধানসভা সমষ্টি(Sivasagar Constituency)ৰ খচৰা ভোটাৰ তালিকা(Draft Voter List)ৰ বিশেষ সংক্ষিপ্ত সংশোধনী ৷ আগন্তুক বৰ্ষৰ 1 জানুৱাৰীত প্ৰকাশ পাবলগীয়া ফটো ভোটাৰ তালিকা সন্দৰ্ভতো মন্তব্য কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মেঘনিধি দাহালে(Megha Nidhi Dahal IAS) ৷

draft-voter-list-of-sivasagar-constituency-has-released
শিৱসাগৰ সমষ্টিৰ খচৰা ভোটাৰ তালিকাৰ সংশোধনী প্ৰকাশ

শিৱসাগৰ, 2 নৱেম্বৰ : সোমবাৰে 2022 বৰ্ষৰ বাবে শিৱসাগৰ নিৰ্বাচনী জিলাৰ 103 নং আমগুৰি আৰু 108 নং শিৱসাগৰ বিধানসভা সমষ্টি(Sivasagar Constituency)ৰ খচৰা ভোটাৰ তালিকা(Draft Voter List)ৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰকাশ ৷ এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মেঘনিধি দাহালে(Megha Nidhi Dahal IAS) উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলযোগে আগন্তুক বৰ্ষৰ 1 জানুৱাৰীত প্ৰকাশ পাবলগীয়া ফটো ভোটাৰ তালিকা সন্দৰ্ভত বিশেষ ব্যাখ্যা আগবঢ়ায় উপায়ুক্তগৰাকীয়ে । এই তালিকা প্ৰস্তুতৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে চলিত বছৰৰ জানুৱাৰী, মাৰ্চ আৰু নৱেম্বৰ মাহত প্ৰকাশ কৰে সংক্ষিপ্ত সংশোধনী ।

আনহাতে, ৰাজ্যৰ পাঁচটো বিধানসভা সমষ্টিৰ লগতে শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টি(Thowra Constituency)ত 30 অক্টোবৰত সম্পন্ন হোৱা উপ-নিৰ্বাচন(Bypolls)ৰ ভোট গণনা সন্দৰ্ভতো উপায়ুক্তগৰাকীয়ে মন্তব্য আগবঢ়ায় ৷ উপ-নিৰ্বাচনত 77.56 শতাংশ হাৰেৰে সমষ্টিৰ 1,15,971 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ।

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভোট গণনা প্ৰক্ৰিয়াত নিম্নতম লোকৰ উপস্থিতি আৰু ভোট গণনা কক্ষৰ সুৰক্ষা আদি সন্দৰ্ভতো মন্তব্য কৰে উপায়ুক্ত দাহালে । এইবেলি নিৰ্বাচন আয়োগে(Election Commission) ঘোষণা কৰা নিয়ম অনুসৰি, বিজয়ী প্ৰাৰ্থীৰ সৈতে দুজন সহযোগীয়ে সংগ দিয়াৰ বিপৰীতে বিজয়ী দলে কোনো ধৰণৰ বিজয়ৰ ৰেলী বাহিৰ কৰিব নোৱাৰিব ।

লগতে পঢ়ক : তেজপুৰ নিৰ্বাচন জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.