ETV Bharat / state

গাহৰিৰ পিচত এইবাৰ কুকুৰৰ দেহত অচিন ৰোগ শিৱসাগৰত

author img

By

Published : Apr 26, 2020, 4:55 PM IST

Updated : Apr 26, 2020, 5:21 PM IST

শিৱসাগৰ জিলাৰ হাঁ‌হচৰা লাটুম গাঁও, লংকা গোঁহাই গাঁৱৰ লগতে ইয়াৰ দাতিকাষৰীয়াৰ বিভিন্ন অঞ্চলত অচিন ৰোগত আক্ৰান্ত হৈ সঘনাই মৃত্যু হৈছে বহু পোহনীয়া কুকুৰ ৷

Dogs suffering in unknown disease at Sivsagar
গাহৰিৰ পিচত এইবাৰ কুকুৰৰ দেহত অচিন ৰোগ শিৱসাগৰত

নাজিৰা, 26 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ মহামাৰীৰ মাজতে ৰাজ্যত ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ বহু গাহৰিৰ মৃত্যু হোৱাৰ পিছত এইবাৰ অচিন ৰোগত আক্ৰান্ত হৈছে পোহনীয়া কুকুৰ। ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ৰাজ্যৰ বহু গাহৰি মৃত্যু হোৱাৰ পিছতেই এইবাৰ শিৱসাগৰ জিলাৰ হাঁ‌হচৰা লাটুম গাঁও,লংকা গোঁহাই গাঁৱৰ লগতে ইয়াৰ দাতিকাষৰীয়াৰ বিভিন্ন অঞ্চলত অচিন ৰোগত আক্ৰান্ত হৈ সঘনাই মৃত্যু হৈছে বহু পোহনীয়া কুকুৰৰ ৷ এই ঘটনাৰ পাছত এতিয়া স্বাভাৱিকতে আতংকিত হৈছে অঞ্চলবাসী ৷

অৱশ্যে গাঁৱবাসীয়ে এই মৃত কুকুৰ সমূহ নিজাববীয়াকৈ পোতাৰ ব্যৱস্থা কৰিছে যদিও এই সন্দৰ্ভত স্থানীয় পশু চিকিৎসালয়ে বৰ্তমানলৈকে কোনোধৰণৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰা নাই ৷ লক্ষণ অনুসৰি প্ৰথমে সঘনাই কাঁহত ভোগাৰ পাছত খাদ্য নাখাই জলকা মাৰি থাকে কুকৰবোৰে ৷ অৱেশেষত দুৰ্বল হৈ পৰে কুকৰবোৰ ৷ ইয়াৰ মাজতে মৃত্যু হৈছে একাংশৰ ৷ যিদৰে গাহৰিৰ অচিন ৰোগ গাহৰিৰ পৰা মানৱ দেহলৈ বিয়পাৰ শংকা কৰা হৈছে তেনেদৰে কুকুৰৰ দেহত হোৱা অচিন ৰোগ মানৱ দেহলৈ বিয়পিব পাৰে বুলি শংকিত হৈছে অঞ্চলকেইটাৰ ৰাইজ ৷ এনেদৰে অচিন ৰোগত আক্ৰান্ত হোৱা পোহনীয়া কুকুৰৰ ক্ষেত্ৰত স্থানীয় পশু চিকিৎসা বিভাগক শীঘ্ৰেই প্ৰতিষেধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান গাঁওবাসীৰ ৷

লগতে পঢ়কঃ আৰ্তজনৰ কাষতঃ অসম পুলিচ কামাণ্ডো বেটিলিয়ন আৰু হেল্পিঙ হাৰ্ট‘ছ

Last Updated : Apr 26, 2020, 5:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.