আমগুৰি, 14 জুন : এটা পঢ়া কোঠালি ৷ কোঠালিটোৰ ভিতৰত কেইবাটাও শিশু ৷ শিশু কেইটিয়ে শিকিছে জীৱনৰ আদিপাঠ ৷ কিন্তু শিশুকেইটিয়ে কেনেদৰে শিকিছে জীৱনৰ আদিপাঠ, সেয়া শুনিলে আপোনাৰ চকু কঁপালত উঠিব ৷ এতিয়া শুনক কোঠালিটোৰ বৰ্ণনা ৷
কোঠালিটোৰ ওপৰত ফুটা টিংপাত আৰু উন্মুক্ত চালি ৷ কোঠালিটোৰ ভিতৰত এক অস্বাস্থ্যকৰ পৰিৱেশ ৷ এই পুতৌলগা পঢ়া কোঠালিটো হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ সমাজ কল্যাণ বিভাগৰ ৷ আমগুৰি সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত বৰবাম চাহ-বাগিচাৰ হাস্পতাল লাইনৰ 84 নং অংগনৱাড়ী কেন্দ্ৰৰ এই দৃশ্যই উদঙাইছে বিভাগটোৰ ফোপোলা স্বৰূপ (Distressed condition of Anganwadi Centre of Social Welfare Department) ৷
যোৱা প্ৰায় এটা বছৰৰ আগে অংগনৱাড়ী কেন্দ্ৰটোৰ টিংবিলাক ভাঙি পৰিছে ।
ফলত কণ কণ শিশুসকলৰ অধ্যয়ন কোঠাৰে দেখি থাকে আকাশ ৷ বৰষুণত পানী আৰু ৰ'দত দেই পুৰি যোৱা এই অংগনৱাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ অৱস্থাই শিশুসকলৰ শিক্ষা গ্ৰহণত এতিয়া ব্যাঘাত জন্মাইছে (Disrupting children education) ৷ উপায়ন্তৰ হৈ ৰান্ধনীশালতে 15-20 টা শিশুক অস্বাস্থ্যকৰভাৱে হ’লেও যোৱা প্ৰায় ছটা মাহে পাঠদান কৰি আহিছে অংগনৱাড়ী কৰ্মী তথা সহায়িকাগৰাকীয়ে ৷
উল্লেখ্য যে, এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ চকুত নপৰা এই অংগনৱাড়ী কেন্দ্ৰটো শীঘ্ৰে মেৰামতি নকৰিলে যিকোনো সময়ত যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা প্ৰকট হৈ উঠিছে ৷ সেয়ে এই অংগনৱাড়ী কেন্দ্ৰটো মেৰামতি কৰিবলৈ ৰাজ্যৰ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷
যি সময়ত ৰাজ্যৰ সমাজ কল্যাণ বিভাগে কণ-কণ শিশুসকলৰ শৈক্ষিক দিশৰ উন্নয়নৰ কাৰণে মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছে, তেনে সময়তে আমগুৰিৰ বৰবামৰ 84 নং অংগনৱাড়ী কেন্দ্ৰৰ দুখলগা এই দৃশ্যই বিভাগটোৰ ফোপোলা স্বৰূপ উদঙাইছে । অৱশ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : মুৱামাৰি আদৰ্শ চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ: চিকিৎসালয়ত চিকিৎসক নথকাৰ অভিযোগ