আমগুৰি, ২১ ডিচেম্বৰ: প্ৰাকৃতিক ভাৰসাম্য অটুট ৰাখিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । অমৃত বৃক্ষ আঁচনিৰ দৰে ব্যয়বহুল কাৰ্যসূচীৰে সমগ্ৰ অসমতে গছ ৰক্ষাৰ কৰাৰ এক জোৱাৰ আনিছে । কিন্তু তেনে সময়তে একাংশ দুস্কৃতিকাৰীয়ে অবাধে চলাই গৈছে বন ধ্বংসযজ্ঞ । আমগুৰিতো পৰিছে বন মাফিয়াৰ হাতোৰা ।
শিৱসাগৰ জিলাৰ ঐতিহাসিক স'ৰাগুৰি চাপৰিত অৱস্থিত চেঁচুগছৰ এখন বৃহৎ কাঠনিবাৰী দুস্কৃতিকাৰীৰ কৱলত পৰি ধ্বংস হোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ২০০৮-০৯ বৰ্ষত গৌৰীসাগৰ উন্নয়ন খণ্ডৰ দিখৌমুখ গাঁও পঞ্চায়তে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত স'ৰাগুৰি চাপৰিত ৭০০০ চেঁচু পুলি ৰোপণ কৰিছিল । প্ৰায় ৫০০ বিঘা ভূমিত ৰোপণ কৰা চেঁচুবাৰীখন লহপহকৈ বাঢ়ি এখন বৃহৎ কাঠনিবাৰীলৈ পৰ্যবসিত হৈছিল ।
দিখৌ-দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিৱেণী সংগমস্থলী স'ৰাগুৰি চাপৰিক ৫০০ বিঘা ভূমিৰে আগুৰি চেঁচুবাৰীখনে ৰক্ষাৰ কৱচ হিচাপে ঠিয় দিছিল । চেঁচুপুলিখিনি ৰোপণৰ পাঁচ বছৰৰ পিছতেই লহপহকৈ বাঢ়ি অঞ্চলটোৰ সৌন্দৰ্য বৰ্দ্ধন কৰি সমগ্ৰ স'ৰাগুৰি চাপৰিৰ লগতে আজানপীৰ দৰগাহক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰি আহিছিল । সম্প্ৰতি এচাম দুস্কৃতিকাৰীয়ে কাঠনিবাৰীদৰা বেদখল কৰি গছবিলাক কাটি টহিলং কৰা লগতে একাংশই খৰি আৰু ঘৰ সঁজাত ব্যৱহাৰ কৰিছে ।
দুস্কৃতিকাৰীয়ে ইজোপাৰ পাছত সিজোপাকৈ গছ কাটি ধংস কৰি অবৈধ দখলেৰে শাকনিবাৰী স্থাপন কৰিছে । সম্প্ৰতি ৭০০০ জোপা গছৰ ৪০০ জোপামান গছহে জীৱিত অৱস্থাত আছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । বাৰীখন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব নাই বন বিভাগৰ। অঞ্চলটোৰ লগতে আজান পীৰ দৰগাহৰ কৱচস্বৰূপ কাঠনিবাৰী দৰা ধংসৰ ফলত এতিয়া বান আৰু খহনীয়াৰ সম্ভাৱনাই দেখা দিছে । বনবিভাগ তথা জিলা প্ৰশাসনক চেঁচুবাৰী দৰা ৰক্ষা কৰি সমগ্ৰ অঞ্চলটো ধংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাই স্থানীয় ৰাইজে ।
লগতে পঢক: লোকসভা নিৰ্বাচন : বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠকত মন্ত্রণা দিলে বি এল সন্তোষে