ETV Bharat / state

লক-ডাউন: কাঠফুলা ভক্ষণ কৰি মৃত্যু একেটা পৰিয়ালৰ তিনিজন সদস্যৰ

author img

By

Published : May 2, 2020, 2:17 PM IST

খাদ্য সংকটত ভুগি বিষাক্ত কাঠফুলা খাই মৃত্যু মুখত পৰিল একেটা পৰিয়ালৰে তিনিজনকৈ লোকৰ ৷ আনহাতে বৰ্তমানেও চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে পৰিয়ালটোৰ আন এগৰাকী সদস্য ৷

Death of three family members in sivsagar
কাঠফুলা ভক্ষণ কৰি মৃত্যু একেটা পৰিয়ালৰ তিনিজন সদস্যৰ

শিৱসাগৰ, 2 মে' : লক-ডাউনৰ মাজতে চৰাইদেউ জিলাৰ সাপেখাতীত হৃদয় বিদাৰক ঘটনা । কাঠফুলা খাই মৃত্যু মুখত পৰিল একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ ৷

প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰজাপুখুৰীৰ অসামৰিক চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে যদিও চিকিৎসকৰ নিৰ্দেশক অমান্য কৰি আটাইকেইজন সদস্যই ঘৰলৈ উভতি আহে ৷ আনকি কাঠফুলা ভক্ষণ কৰা বিষয়টোও চিকিৎসকৰ পৰা লুকুৱাই ৰাখে পৰিয়ালটিয়ে ৷

পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ সোণাৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতহে কাঠফুলা ভক্ষণ কৰা বিষয়টো চিকিৎসকে অৱগত হয় ৷ পৰৱৰ্তী সময়ত পৰিয়ালটিৰ আটাইকেইজন সদস্যক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও মৃত্যু মুখত পৰে পৰিয়ালটোৰ পিতৃ ৰিখেশ্বৰ বড়া, মাতৃ শুৱলা বড়া আৰু কন্যা হিমাদ্ৰী বড়াই ৷

পৰিয়ালটিৰ আত্মীয়

আনহাতে বৰ্তমানেও চিকিৎসাধীন হৈ আছে 9 বছৰীয়া পুত্ৰ দেৱজিৎ বড়া ৷ উল্লেখযোগ্য যে লক-ডাউনৰ বাবে খাদ্য সংকটত ভুগি কাঠফুলা ভক্ষণ কৰিছিল পৰিয়ালটিয়ে ৷

লগতে পঢ়ক : শিৱসাগৰ জিলাৰ ৰূপহীমুখত জিলা বন বিভাগৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.