ETV Bharat / state

1st martyred journalist Kamala Saikia: শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী - শ্বহীদ সাংবাদিক কমলা শইকীয়া

আমগুৰিত অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী পালন । সাংবাদিকগৰাকীৰ জন্মস্থান শিৱসাগৰ জিলাৰ দিখৌমুখত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানটিত শ্বহীদ সাংবাদিকগৰাকীৰ আৱক্ষ মূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

Death anniversary of martyred journalist Kamala Saikia
শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী
author img

By

Published : Aug 9, 2023, 4:15 PM IST

শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী

আমগুৰি,৯ আগষ্ট: অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ আজি ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী । ৩২ সংখ্যক মৃত্যু বাৰ্ষিকীৰ উপলক্ষে এইবাৰ সাংবাদিকগৰাকীৰ জন্মস্থান শিৱসাগৰ জিলাৰ দিখৌমুখত কেন্দ্ৰীয়ভাবে শ্ৰদ্ধাঞ্জলি আৰু স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ।

১৯৯১ চনৰ ৯ আগষ্টত উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়া । দিখৌমুখস্থিত সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰাৰ লগতে দিখৌমুখ ভৰলুৱা তিনিআলিৰ আৱক্ষ মূৰ্তিত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয় ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে দিখৌমুখ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় স্মাৰক বক্তৃতানুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ । গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত স্মাৰক বক্তৃতানুষ্ঠাৰ অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই বক্তৃতা আগবঢ়াই ।

লগতে পঢ়ক: MP Gaurav Gogoi news: ভিডিঅ’যোগে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীলৈ প্ৰশংসা বাৰ্তা সাংসদ গৌৰৱ গগৈৰ

অনুষ্ঠানত প্ৰৱীণ সাংবাদিক তথা শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষ সোনাৰাম বৰুৱা, দিখৌমুখ সাহিত্য সভাৰ সভাপতি গণেশ শইকীয়া, গুৱাহাটী প্ৰেছ ক্লাৱৰ উপসভাপতি যতীন ভাগৱতী, সাংবাদিক ইকবাল আহমেদ, বিশিষ্ট সাংবাদিক পংকজ দুৱৰা উপস্থিত থাকে । পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাবে আয়োজিত এই অনুষ্ঠানৰ স্মাৰক বক্তৃতানুষ্ঠানত বিংশতিতম বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই ।

উক্ত অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোণাৰাম বৰুৱাক ন্যাসৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সন্মান জনোৱাৰ উপৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা একোগৰাকী শিক্ষাৰ্থীক সাংবাদিক কমলা শইকীয়া সোঁৱৰণি শৈক্ষিক বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মাৰক গ্ৰন্থও উন্মোচন হয় ।

লগতে পঢ়ক: Margadarshi cases: মাৰ্গদৰ্শী চিট ফাণ্ড গোচৰৰ শুনানি স্থগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.