শিৱসাগৰ,9 জুন : বিগত তিনি সপ্তাহত শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত উদ্ধাৰ হৈছে চাৰিটাকৈ মৃতদেহ । নগৰৰ সমীপৰ বণিয়াবাৰীৰ দৰিকা দলঙৰ তলত উদ্ধাৰ হৈছে আন এটা মৃতদেহ । নদীত ওপঙি থকা অৱস্থাত বগা চাৰ্ট আৰু নীলা জিনছ পৰিহিত এটা মৃতদেহ বুধবাৰে পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে ।
ইয়াৰ পাচতে মৃতদেহটোৰ সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৰাইজে ৷ স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰে ৷ স্থানীয় লোকে সদৰী কৰা মতে, মৃতদেহ উদ্ধাৰ হোৱা লোকজনৰ নাম সঞ্জীৱ বৰা(৩৮) ৷ শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ নিবাসী সঞ্জীৱ বিগত ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল । এই ঘটনা আত্মহত্যা নে হত্যা সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নাওজান গাঁৱৰ দৰিকা নদীত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ । আনহাতে, কিছুদিন পূৰ্বে নগৰৰ ৰে’ল ষ্টেচনৰ সন্মুখৰ পুখুৰীত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ । একেদৰে বিগত ৬ জুনত শ'লগুৰিত উদ্ধাৰ হৈছিল এক কন্যা শিশুৰ মৃতদেহ । এইদৰে এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ হোৱাক লৈ শিৱসাগৰীয়া ৰাইজ আৰু আৰক্ষী মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ