ETV Bharat / state

নাগালেণ্ডত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ - আমগুৰি

শুকুৰবাৰে নাগালেণ্ডত উদ্ধাৰ আমগুৰি যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ ৷ লোণপুৰীয়া গাঁৱৰ নিবাসী ৰাতুল শইকীয়াৰ একমাত্র পুত্র দীপু শইকীয়াৰ মৃতদেহ উদ্ধাৰ হৈছে নাগালেণ্ড টুলীৰ অৰণ্যৰ মাজত ৷ বিগত ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল ২২ বছৰীয়া যুৱক দীপু শইকীয়া ৷

আমগুৰি
নাগালেণ্ডত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
author img

By

Published : Feb 14, 2020, 11:35 PM IST

আমগুৰি, ১৪ ফেব্ৰুৱাৰী: নাগালেণ্ডত উদ্ধাৰ আমগুৰি যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ ৷ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লোণপুৰীয়া গাঁৱৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ লোণপুৰীয়া গাঁৱৰ নিবাসী ৰাতুল শইকীয়াৰ একমাত্র পুত্র দীপু শইকীয়াৰ মৃতদেহ উদ্ধাৰ হৈছে নাগালেণ্ড টুলীৰ অৰণ্যৰ মাজত ৷ বিগত ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল ২২ বছৰীয়া যুৱক দীপু শইকীয়া ৷ ইতিমধ্যে ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে, এইয়া হত্যাকাণ্ড নে আন কিবা কাৰণত যুৱকজনে মৃত্যুক সাৱটি ল'ব লগা হ'ল সেয়া বৰ্তমানেও অৱগত নহয় আৰক্ষী । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে হালোৱাটিং আৰক্ষীয়ে ৷

নাগালেণ্ডত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ

আৰু পঢ়কঃ বৰপেটাত আটক 500 কোটি টকীয়া বৃহৎ বীমা কেলেংকাৰীৰ 3 অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.