ETV Bharat / state

শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান

শিৱসাগৰৰ দিখৌমুখৰ দিখৌ নদীত মৰা গাহৰিৰ উজানক লৈ চিন্তিত স্থানীয় ৰাইজ ৷ শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ সহস্ৰাধিক গাহৰিৰ মৃত্যুৰ পিছতে সংঘটিত হৈছে এই ঘটনা ৷ গাহৰি পালকৰ এনে কাৰ্যক সহজভাৱে ল’ব পৰা নাই আমগুৰিবাসীয়ে ৷

শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান
শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান
author img

By

Published : May 19, 2020, 4:32 PM IST

আমগুৰি, ১৯ মে’: শিৱসাগৰৰ আমগুৰি সমষ্টিৰ দিখৌমুখত দিখৌ নদীত মৃত গাহৰিৰ উজান। উটি অহা মৰা গাহৰি প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকৰ মাজত হাহাকাৰ। গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিখৌমুখত দিখৌ নদীত মৰা গাহৰি উটি অহা প্ৰত্যক্ষ কৰাৰ পিছতেই আতংকিত হৈ উঠে নদীপৰীয়া ৰাইজ ৷

উল্লেখ্য যে, শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ইতিমধ্যে বহু হাজাৰ গাহৰি মৃত্যু মুখত পৰিছে। মৰা গাহৰিসমূহ পুতি থ’বলৈ বাৰে বাৰে আহ্বান জনোৱা হৈছে যদিও গাহৰি পালকৰ অবিবেচক কাণ্ডৰ বাবে নদীত উটাই দিয়া কাৰ্যক সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে ।

শিৱসাগৰত দিখৌ নদীত মৃত গাহৰিৰ উজান
এই মৰা গাহৰিসমূহ দিখৌমুখেৰে গৈ ব্ৰহ্মপুত্ৰত পৰিব । নদীত মৰা গাহৰি পেলোৱাৰ ফলত শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে অধিক জটিল ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকট হৈ উঠিছে বুলি জানিব পৰা গৈছে । দিখৌমুখত মৰা গাহৰি উটি অহা কাৰ্যই চিন্তিত কৰি তুলিছে স্থানীয় লোকক। আনহাতে গাহৰি পালকৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত ৰাজ্যৰ পশুপালন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত গাহৰিপালকসকল চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক: বোৱাৰীয়েকৰ দাৰ ঘাপত নিহত শাহুৱেক, আঘাতপ্ৰাপ্ত শহুৰেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.