আমগুৰি, 30 ছেপ্টেম্বৰ : ৰাজ্যত ইটোৰ পিছত সিটোকৈ সঘনে সংঘটিত হৈ আছে নাও দুৰ্ঘটনা (Boat accident in Assam) । বৃহস্পতিবাৰে L&T কোম্পানীৰ দ্বাৰা নিৰ্মীয়মান দলঙৰ পানীত ডুবি থকা খুঁটাত লাগি ধুবুৰীত সংঘটিত হয় ভয়াৱহ নাও দুৰ্ঘটনা (Boat accident in Dhubri) ৷
মেদৰতাৰী, উত্তৰ গুৱাহাটী আৰু মাজুলীৰ নাও দুৰ্ঘটনা আজিও মানুহৰ মনত সজীৱ হৈ আছে ৷ ইমানৰ পিছতো শিক্ষাহে নহ’ল আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ । শিৱসাগৰ জিলাৰ দিখৌমুখত পোহৰলৈ আহিছে এক ভয়ংকৰ দৃশ্য । দিখৌমুখৰ পৰা মাজুলীলৈ দৈনিক ইঞ্জিনযুক্ত নাৱেৰে
প্ৰতিদিনাই বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে একাংশ যাত্ৰীয়ে (Dangerous boat journey in Brahmaputra river at Dikhomukh) ৷ কাৰো যেন একো ভয় শংকা নাই ৷
লগতে পঢ়ক : মাজুলীবাসীৰ বাবে অভিশপ্ত ৮ ছেপ্টেম্বৰ ! নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ এবছৰ
ইফালে নামত দিখৌমুখত জল পৰিবহন বিভাগ এটা আছে ৷ কিন্তু কামতহে একো নাই । বিভাগটোৰ কৰ্মচাৰীৰ কথা নুশুনে কোনো যাত্ৰীয়ে । মাত্ৰ ফটো মৰা সময়লৈকেহে লাইফ জেকেট পিন্ধে নাৱৰ যাত্ৰীয়ে ৷ ফটো মৰাৰ পিছত লাইফ জেকেট খুলি দিয়ে সকলো যাত্ৰীয়ে ৷ এই ভাষ্য জল পৰিবহন বিভাগৰ কৰ্মচাৰীৰ (Boat accident in Assam)।
আনহাতে, এফালে বাঢ়িছে পানী, আনফালে আকৌ একেখন নাৱতে পাণ জপা দি উঠে যাত্ৰী ৷ অতি বিপদসংকুলভাৱে প্ৰতিদিনাই এনেদৰে যাতায়াত অব্যাহত ৰাখে বহু যাত্ৰীয়ে । কিন্তু ভৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মৰণক শৰণ দি বহু যাত্ৰীয়ে আকৌ জীৱনটোৰ কথা ভাবি নিৰ্দিষ্ট স্থানলৈ নগৈ থমকি ৰ’ৱ লগাত পৰিছে ৷
উল্লেখ্য যে, যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা নাও দুৰ্ঘটনাত বহু লোকে অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছে, তেনে সময়ত পোহৰলৈ আহিছে দিখৌমুখৰ এই দৃশ্য ৷ আমাৰ এই বাতৰি প্ৰকাশ হোৱাৰ পাচত শিৱসাগৰ জিলা প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : Dhubri Boat Accident: নিৰ্মীয়মান দলঙৰ খুঁটাত লাগি সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনা