আমগুৰি, 17 জানুৱাৰী : কাজিৰঙাৰ দিহিং চাৰিআলিৰ উদীয়মান চাইক্লিষ্ট তথা প্ৰকৃতিপ্ৰেমী লোচন প্ৰকাশ গগৈয়ে Save Kaziranga Save Rhino উদ্দেশ্য আগত ৰাখি শনিবাৰে প্ৰায় 400 কিলোমিটাৰ চাইকেল চলাই আহি শিৱসাগৰ নগৰত উপস্থিত হয় ৷ গগৈয়ে শনিবাৰে কাজিৰঙাৰ কঁহৰাৰ পৰা চাইকেলেৰে এই সজাগতামূলক যাত্ৰা আৰম্ভ কৰে ৷ শিৱসাগৰ নগৰত উপস্থিত হোৱাৰ পাছত যুৱকজনে Save Kaziranga Save Rhino প্ৰচাৰৰ লক্ষ্যৰে জিলাখনৰ প্ৰাচীন কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল পৰিভ্ৰমণ কৰে ৷
![Cyclist Lochan Gogoi visit Sivasagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10274387_k.jpg)
উদীয়মান চাইক্লিষ্টগৰাকীৰ উভতনি যাত্ৰা আৰম্ভ কৰাৰ প্ৰাক্ক্ষণত যুৱকজনক শিৱসাগৰ জিলাৰ নামতি চাৰিআলিৰ মাজমজিয়াত নামতি প্ৰেছ গীল্ড, ঐক্য সেনা অসম, নামতি চাৰিআলি সন্মিলনত মুছলিম যুৱ সমাজ, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতি, নামতি চাৰিআলি যুৱ সমাজৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তিয়ে ফুলাম গামোছাৰে সম্ভাষণ জনায় ৷ উল্লেখ্য যে, লোচন প্ৰকাশ গগৈ কাজিৰঙা চৰকাৰী মডেল হাইস্কুলৰ কলা শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৷
লগতে পঢ়ক : অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা