মৰাণ,11 মাৰ্চ: সোণাৰি সমষ্টিৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ অধীনৰ ৰহণ পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে । গৃহ নিৰ্মাণ সন্দৰ্ভত হিতাধিকাৰীক ৱাৰ্ড সদস্যই বুধবাৰে নিশা মহেশ গুৱালা নামৰ ব্যক্তি এগৰাকীক প্ৰহাৰ কৰা এক ঘটনাই এতিয়া সাপেখাতীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উল্লেখ্য যে, সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰহণ পঞ্চয়তৰ খাগৰীজান চাহ বাগিচাৰ ৮ নং ৱাৰ্ডৰ মহেশ গুৱালাৰ লগতে আৰু তিনিটা দুখীয়া পৰিয়াললৈ ২০১৯ বৰ্ষতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ আৱণ্টন হোৱাত ঘৰকেইটা নিৰ্মাণৰ ঠিকা লয় স্বয়ং ৱাৰ্ড সদস্য প্ৰকাশ ঘটোৱাৰে । কিন্তু আজি পর্যন্ত উক্ত ঘৰকেইটা সম্পূৰ্ণ নকৰি সম্পূৰ্ণ টকা আত্মহাত কৰা বুলি বিগত সময়তো হিতাধিকাৰীসকলে সাপেখাতী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়াক অৱগত কৰাৰ লগতে বিষয়া গৰাকীয়ে প্ৰকাশ গুৱালাৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।

কিন্তু কোনো ব্যৱস্থাই যেন গা লৰাব নোৱাৰিলে বিজেপি ৱাৰ্ড সদস্য জনৰ । বৰ্তমানলৈকে প্ৰায় বিশ শতাংশ কাম কৰিয়েই গৃহ কেইটা অৰ্ধ নিৰ্মিত অৱস্থাত পেলাই থলে । বুধবাৰে নিশা হিতাধিকাৰী মহেশ গুৱালাই ৱাৰ্ড সদস্যজনক লগ পাই গৃহটোৰ সন্দৰ্ভত প্ৰশ্ন কৰাত ওলোটাই ৱাৰ্ড সদস্যজনে হিতাধিকাৰীজনক প্ৰহাৰ কৰাত হিতাধিকাৰীজন গুৰুতৰভাৱে আহত হয় । পৰিয়ালে আহত মহেশ গুৱালাক সাপেখাতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰে যদিও এটা চকুত গুৰুতৰভাৱে আঘাত পোৱাত চিকিৎসকে চৰাইদেউ ৰজাপুখুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । ইতিমধ্যে মহেশ গুৱালাই প্ৰকাশ ঘটোৱাৰৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়ক: কণমানি কলমাভিজোৰ কণ্ঠত প্ৰাণ পালে অ' মোৰ আপোনাৰ দেশ...