ETV Bharat / state

শিৱসাগৰতো আৰম্ভ হ'ল নেকি ক'ৰণাৰ গণ সংক্ৰমণ !

author img

By

Published : Jul 13, 2020, 3:49 PM IST

শিৱসাগৰ জিলাত যোৱাটো নিশাৰ ভিতৰতে ৮ গৰাকীকৈ লোকৰ শৰীৰত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ খবৰ বিয়পি পৰাৰ পিছত এতিয়া সমগ্ৰ শিৱসাগৰ জিলাখনতেই এক আতংকই বিৰাজ কৰিছে । ক'ভিড ১৯ৰ দ্বাৰা আক্ৰান্ত সকলৰ ভিতৰত আৰক্ষী বিষয়াকে ধৰি জিলা প্ৰশাসনৰ লোকো অন্তৰ্ভুক্ত হৈছে । তাৰোপৰি তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা সদ্য প্ৰয়াত অশ্বিনী চেতিয়াৰ দুজনকৈ ভাতৃও ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

corona community spread in sivsagar
শিৱসাগৰতো আৰম্ভ হ'ল নেকি ক'ৰণাৰ গণ সংক্ৰমণ !

শিৱসাগৰ,১৩ জুলাই: সোমবাৰে পুৱাই তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা সদ্য প্ৰয়াত অশ্বিনী চেতিয়াৰ দুজনকৈ ভাতৃ আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে শিৱসাগৰ জিলাৰ লগতে যোৰহাট জিলাটো সৃষ্টি হৈছে আতংকৰ । উল্লেখ্য যে তাই আহোম ছাত্ৰ সন্থাৰ সংগ্ৰামখনক সন্মুখৰ পৰা নেতৃত্ব দিয়া অশ্বিনী চেতিয়াৰ শেষকৃত্য অনুস্থানত প্ৰায় ২০০০ৰো অধিক লোক সমবেত হৈছিল। য'ত উপস্থিত আছিল মন্ত্ৰী যোগেন মহন,সঞ্জয় কৃষাণ,সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা,জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষক,বিজেপি দলৰ কৰ্মীৰ লগতে বহুকেইটা জাতীয় সংগঠনৰ নেতা ।

ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন,জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষক,শিৱসাগৰ জিলাৰ বিজেপি সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীকে আদি কৰি বিজেপিৰ বহ সংখ্যক দলীয় কাৰ্যকৰ্তাই স্বাৱ টেষ্ট কৰা বুলি জানিব পৰা গৈছে।

জিলা স্বাস্থ্য বিভাগে জিলাখনৰ পাঁচটা স্থানত থকা স্বাৱ সংগ্ৰহ কেন্দ্ৰত প্ৰয়াত অশ্বিনী চেতিয়াৰ শেষকৃত্য সম্পন্ন অনুষ্ঠানত উপস্থিত সকলক স্বাৱ প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

তাৰোপৰি প্ৰয়াত অশ্বিনী চেতিয়াৰ শেষকৃত অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলক ডঃ দ্বিজেন কোঁচক ৭০০২৭৬৭২৩০ ( whats appত নিজৰ নাম ঠিকনা,বয়স দি) ফোন নম্বৰত যোগাযোগ কৰি স্বেচ্ছাই কোভিড-১৯ৰ স্বাৱ পৰীক্ষা কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে জনাইছে আহ্বান ।

লগতে চাওকঃ সাংসদ আব্দুল খালেকে পৰিদৰ্শন কৰিলে অস্থায়ী শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.