ETV Bharat / state

এইবাৰ বন্ধ কোঠাত বহি নিৰ্ধাৰণ কৰা নহ'ব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ

author img

By

Published : Dec 26, 2020, 1:38 PM IST

শনিবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা ছত্তিশগড়ৰ ৰায়পুৰ পশ্চিম সমষ্টিৰ বিধায়ক তথা সংসদীয় সচিব বিকাশ উপাধ্যায়ে ৷ সংবাদ মেলত সম্পাদকগৰাকীয়ে উজনি অসমৰ তৃণমূল পৰ্যায়ৰ ক‌ংগ্ৰেছ কৰ্মী সকলক সাক্ষাৎ কৰি দলৰ সাংগঠনিক স্থিতিৰ বুজ লোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে দলটো কিমান সাজু সেই সন্দৰ্ভত পৰ্যবেক্ষণ কৰা বুলি জানিবলৈ দিয়ে ৷

congress-pressmeet-at-sivasagar
এইবাৰ বন্ধ কোঠাত বহি নিৰ্ধাৰণ কৰা নহ'ব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ

শিৱসাগৰ,26ডিচেম্বৰ : শনিবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা ছত্তিশগড়ৰ ৰায়পুৰ পশ্চিম সমষ্টিৰ বিধায়ক তথা সংসদীয় সচিব বিকাশ উপাধ্যায়ে ৷ সংবাদ মেলত সম্পাদকগৰাকীয়ে উজনি অসমৰ তৃণমূল পৰ্যায়ৰ ক‌ংগ্ৰেছ কৰ্মী সকলক সাক্ষাৎ কৰি দলৰ সাংগঠনিক স্থিতিৰ বুজ লোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে দলটো কিমান সাজু সেই সন্দৰ্ভত পৰ্যবেক্ষণ কৰা বুলি জানিবলৈ দিয়ে ৷ তদুপৰি নিৰ্বাচনৰ কোনো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা বিজেপি দলে কংগ্ৰেছ দলৰ পৰা নেতা ধাৰ কৰি অসমত বিজেপি দলৰ শাসন চলাইছে বুলি অভিযোগ কৰে ৷

ইপিনে,সংবাদমেলত গোলঘাটৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী অজন্তা নেওগৰ কথা উল্লেখ কৰি বিভিন্ন হেঁচা আৰু প্ৰলোভন প্ৰদান কৰি বিজেপি দলে কংগ্ৰেছৰ নেত্ৰী গৰাকীক বিজেপিকৰণ কৰিলে বুলি কয় নেতাগৰাকীয়ে ৷ তদুপৰি নিজৰ উচ্চাকাংক্ষাৰ বাবে অজন্তা নেওগে বিজেপি দলত যোগ দিব লৈছে বুলিও কটাক্ষ কৰে নেতাগৰাকীয়ে ৷

সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদকগৰাকীয়ে বিজেপি দলক নিকৃষ্ট ৰাজনীতিৰে হিংসা বিয়পোৱা দল বুলি অভিহিত কৰে ৷ এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ৰাইজৰ মাজত থকা যোগ্য শিক্ষিত প্ৰাৰ্থীক টিকট প্ৰদান কৰিব বুলি স্পষ্ট কৰি কয় যে প্ৰাৰ্থীৰ অযোগ্যতাৰ বাবে নিৰ্বাচন হৰাৰ বদনাম এইবাৰ কংগ্ৰেছ দলে বহন নকৰে ৷ ইয়াৰোপৰি পশ্চিম বংগত হিংসা বিয়পোৱা,বিহাৰত নিকৃষ্ট ৰাজনীতি কৰি শাসনৰ গাদী দখল কৰা বিজেপি দলটোৱে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে বুলিও কয় বিকাশ উপাধ্যায়ে ৷

আনহাতে, এইবাৰ নিৰ্বাচনৰ ইস্তাহাৰ কংগ্ৰেছ দলে বন্ধ কোঠাত বহি নিৰ্ধাৰণ নকৰে ৷ বৰঞ্চ ৰাইজৰ মাজত গৈ ৰাইজৰ সমস্যা অনুধাৱন কৰি সমাধানৰ প্ৰতিশ্ৰুতি দিব বুলি মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়ে ৷

লগতে পঢ়কঃ নাগৰহোল ৰাষ্ট্ৰীয় উদ্যানৰ ভাইৰেল ভিডিঅ’...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.