ETV Bharat / state

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ন্যায়ালয়ৰ সহায় ল’ব কংগ্ৰেছ দলে - নিখিল ভাৰত কংগ্ৰেছ কমিটি

থাওৰাৰ কংগ্ৰেছ প্রাৰ্থী মনোৰঞ্জন কোঁৱৰৰ হৈ প্ৰচাৰ চলালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৷ নিবাৰ্চনী আয়োগে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ ৷

congress-party-will-take-legal-against-the-election-commission
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ন্যায়ালয়ৰ সহায় ল’ব কংগ্ৰেছ দলে
author img

By

Published : Oct 24, 2021, 8:23 PM IST

মৰাণ, 24 অক্টোবৰ : শাসক দল বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছেও থাওৰাত তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান । থাওৰাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰৰ হৈ প্ৰচাৰ চলালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে । থাওৰাৰ আঠাবাৰী চাহ বাগিচাত অনুষ্ঠিত প্ৰচাৰ সভাত অংশ লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ।

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ন্যায়ালয়ৰ সহায় ল’ব কংগ্ৰেছ দলে

লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে সাংবাদিকৰ আগত কয়, ৰাইজক প্ৰৱঞ্চনা কৰা হৈছে , ৰাইজৰ ভোট বিক্ৰী কৰা হৈছে । বিজেপি চৰকাৰে ডাঙৰ ডাঙৰ কথা কৈ বিভিন্ন প্ৰতিশ্ৰুতি দিছিল সেইবোৰ এটাও পূৰণ কৰিব পৰা নাই ।

তেওঁ কয় যে, ৰাইজে সিদ্ধান্ত লৈছে কংগ্ৰেছক ভোট দিয়াৰ । ইয়াৰোপৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে আঁচনিৰ প্ৰলোভন দি নিৰ্বাচনী বিধি ভংগ কৰিছে বুলিও অভিযোগ কৰে জিতেন্দ্ৰ সিঙে । জিতেন্দ্ৰ সিঙৰ সৈতে উপস্থিত থাকে ভূপেন বৰা, ৰেকিবুদ্দিন আহমেদ, ৰিপুন বৰা, পবন সিং ঘটোৱাৰ, প্ৰণতি ফুকন, বিকাশ উপাধ্যায়, দেৱব্ৰত শইকীয়াকে প্ৰমুখ্যে কংগ্ৰেছৰ বহু কেইগৰাকী হাই প্ৰফাইল নেতা ।

এই বিষয়ে নিৰ্বাচনী আয়োগক অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা নোলোৱা গম পোৱা গৈছে । নিৰ্বাচনী আয়োগ বিজেপিৰ ওপৰত বিক্ৰী গৈছে বুলিও অভিযোগ কৰে তেওঁ । নিৰ্বাচনী আয়োগৰ ওপৰত কংগ্ৰেছ দলৰ তৰফৰ পৰা উচ্চ ন্যালয়ত অভিযোগ দিয়া হ’ব বুলিও জানিবলৈ দিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

লগতে পঢ়ক : গৃহ সমষ্টিত ভকত-বৈষ্ণৱৰ সৈতে অতুল বৰাৰ নৃত্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.