ETV Bharat / state

অসমক বিজেপিয়ে লুণ্ঠনৰ থলীত পৰিণত কৰিছে: ৰাহুল গান্ধী - ASSAM ELECTION2021

দেওবাৰে শিৱসাগৰত আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ৷ অসম চুক্তিক সন্মান জনাই চুক্তি ৰূপায়ণৰ বাবে কংগ্ৰেছ দল দায়বদ্ধ ৷ অসমৰ ৰক্ষা কৱচ অসম চুক্তি এক ইঞ্চিও কংগ্ৰেছ দলে হেৰফেৰ নকৰে নকৰে বুলি সভাত কয় ৰাহুল গান্ধীয়ে ৷

congress-leader-rahul-gandhi-at-sivsagar
অসমক বিজেপি দলে লুণ্ঠনৰ থলীৰূপে পৰিণত কৰিছেঃৰাহুল গান্ধী
author img

By

Published : Feb 14, 2021, 5:25 PM IST

Updated : Feb 14, 2021, 6:45 PM IST

শিৱসাগৰ,14ফেব্ৰুৱাৰী: দেওবাৰে শিৱসাগৰত আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে ভাৰতীয় জাতীয় কংগ্ৰেছে ৷ শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে এক বিশাল জনসভাত অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

অসমক বিজেপিয়ে লুণ্ঠনৰ থলীত পৰিণত কৰিছে: ৰাহুল গান্ধী

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক স্মৰণ কৰি ৰাহুল গান্ধীয়ে কয়, অসম বিভিন্ন জাতি-কৃষ্টিৰে পৰিপূৰ্ণ ৰাজ্য ৷ অসমলৈ আহি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ তেওঁৰ মনত পৰিছে ৷ তৰুণ গগৈয়ে অসম সম্পৰ্কে বিভিন্ন কথা জানিবলৈ দিছিল বুলি কয় ৰাহুল গান্ধীয়ে ৷

এসময়ৰ হিংসাজৰ্জৰিত অসমক সেই সময়ত তৰুণ গগৈৰ নেতৃত্বত এক সুস্থিৰ অৱস্থালৈ অনা হৈছিল বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ তদুপৰি যিজন তৰুণ গগৈয়ে অসমৰ ভৱিষ্যত গঢ়াত নিজৰ জীৱন পাৰ কৰিলে সেই গগৈক ভাৰত চৰকাৰে অপমান কৰিছে বুলি কয় কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে ৷

ইপিনে,অসম চুক্তি সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে, অসম চুক্তিক সন্মান জনাই চুক্তি ৰূপায়ণৰ বাবে কংগ্ৰেছ দল দায়বদ্ধ ৷ অসমৰ ৰক্ষা কৱচ অসম চুক্তি এক ইঞ্চিও কংগ্ৰেছ দলে হেৰফেৰ নকৰে ৷ বিজেপি দলে অসম চুক্তি একাষৰীয়া কৰি অসমক হিংসাৰ পথলৈ ঠেলি দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰি বিজেপি দলে অসমত চুৰ কৰিবৰ বাবে অসম আৰু অসমীয়াক ভাগ ভাগ কৰি থৈছে বুলি কটাক্ষ কৰে ৷

আনহাতে, কা সন্দৰ্ভত স্থিতি মুকলি কৰি ৰাহুল গান্ধীয়ে কয়,অসম ভাৰতৰ এক অংগ ৷ অসমৰ যিকোনো লোকচান ভাৰতৰ বাবে এক লোকচান অসমত কা বলৱৎ কৰি অসম ধ্বংস কৰিবলৈ দিয়া নহ'ব বুলি কয় গান্ধীয়ে ৷ লক্ষণীয়াভাৱে কংগ্ৰেছ নেতাগৰাকীয়ে অসমৰ চাহ শ্ৰমিক সকলক ভোটৰ বাবে আকৃষ্ট কৰাৰ লক্ষ্যৰে অসমৰ চাহ শ্ৰমিক সকলক বিজেপি চৰকাৰে ১৬৭ টকাৰ মজুৰি দিয়ে বুলি কৈ এই ধনৰাশিত কি পোৱা যায় বুলি প্ৰশ্ন উত্থাপন কৰে ৷

নিজৰ ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰি মোদী কেৱল পুঁজিবাদীৰ অনুগত বুলি কয় ৰাহুল গান্ধীয়ে ৷ বৰ্তমান মোদী "হম দ' হমাৰে দ' চৰকাৰ বুলি কটাক্ষ কৰি তেওঁলোকে কাকো একো নিদিয়ে মাত্ৰ তেওঁলোকে লয়হে বুলি কয় ৰাহুল গান্ধীয়ে ৷ মোদীয়ে কেৱল ৰাইজৰ সংস্থাপন শেষ কৰি খাটিখোৱা সকলক বৃহৎ পুঁজিবাদীৰ স্বাৰ্থত দুৰ্বল কৰিছে বুলি কয় গান্ধীয়ে ৷

অসমক বিজেপি দলে লুণ্ঠনৰ এক থলীৰূপে পৰিণত কৰিছে বুলি সমালোচনা কৰি এই সময়ত অসমক ৰক্ষা কৰাৰ মূল কৱচ অসম চুক্তিক বিজেপিয়ে দলিয়াই অসমক দুৰ্বল কৰিব বিচাৰিছে বুলি কয় ৰাহুল গান্ধীয়ে ৷ সভাত কংগ্ৰেছ দলে অসম চুক্তি ৰূপায়ণ কৰি অসমক ৰক্ষা কৰিব বুলিও নিৰ্বাচনৰ প্ৰচাৰলৈ আহি নেতা গৰাকীয়ে প্ৰতিশ্ৰুতি দি যায় ৷

শিৱসাগৰৰ সভাতে ভাৰতৰ লগতে অসমৰ অন্যতম ডাঙৰ সমস্যা সংস্থাপনৰ সমস্যা বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে সংস্থাপনৰ পথ প্ৰশস্ত হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে ৷ ভাষণ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি সোণোৱাল ৰিম'ৰ্টত চলে আৰু দিল্লী আৰু নাগপুৰৰ কথাত উঠা-বহা কৰে বুলি কৈ মুখ্যমন্ত্ৰী সোণোৱালৰ দ্বাৰা অসমৰ ৰাইজ উপকৃত নহয় বুলি কয় কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে ৷

উল্লেখ্য যে, শিৱসাগৰৰ সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে উপস্থিত থাকে চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল,অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰায় সকলো শীৰ্ষ নেতা ৷

লগতে পঢ়কঃ ৰাহুল গান্ধী শিৱসাগৰলৈ আহি ভুল কৰিলে: হিমন্ত বিশ্ব শৰ্মা

Last Updated : Feb 14, 2021, 6:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.