ETV Bharat / state

আমগুৰিত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আমগুৰিত দেখা গৈছে কংগ্ৰেছৰ ব্যাপক প্ৰচাৰ কাৰ্যসূচী । সোমবাৰে আমগুৰিত কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ যুৱ নেতা তথা সাংসদ গৌৰৱ গগৈৰ । আমগুৰি নগৰত পদযাত্ৰাত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ ।

আমগুৰিত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ
আমগুৰিত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ
author img

By

Published : Mar 15, 2021, 7:56 PM IST

আমগুৰি,১৫ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে আমগুৰি বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ । কংগ্ৰেছৰ প্ৰাৰ্থী অংকিতা দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে যুৱ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে । সোমবাৰে আমগুৰিত দেখা গৈছে কংগ্ৰেছৰ ব্যাপক প্ৰচাৰ কাৰ্যসূচী । আমগুৰি নগৰত এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈসহ দলৰ কৰ্মী-সমৰ্থকসমূহ ।

ইফালে, সমাগত বিধানসভা নিৰ্বাচনত চমক সৃষ্টি কৰাৰ উদ্দেশ্যে কংগ্ৰেছে মুকলি কৰা পাঁচটা গেৰাণ্টি সন্দৰ্ভত গৌৰৱ গগৈয়ে এই পাঁচ গেৰাণ্টি ৰূপায়ণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে । 'কা' বাতিল, ৫ লাখ চাকৰি, চাহ শ্ৰমিকৰ ৩৬৫ টকা, ২০০ ইউনিট মাহিলী বিনামূলীয়া বিদ্যুত, মাহে ২০০০ টকাকৈ গৃহিনীলৈ গেৰাণ্টি দি গৌৰৱ গগৈয়ে আমগুৰিত অংকিতা দত্ত জয়ী হ'ব বুলি দাবী কৰে ।

আমগুৰিত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ

উল্লেখ্য যে, ২০১৬ ৰ বিধানসভা নিৰ্বাচনত কেৱল ১৫০০ ভোটত পৰাজিত হোৱা কংগ্ৰেছৰ যুৱনেত্ৰী গৰাকীয়ে আমগুৰি সমষ্টিৰ চুকে-কোণে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । শেহতীয়াকৈ খেল পথাৰত গৈ হাতত ক্ৰিকেট বেট লোৱাৰ পৰা আৰম্ভ কৰি এনৰেগা কৰ্মীৰ সৈতে লগে ভাগে ভোজ-ভাত খোৱা, কেঁচুৱাক কোলাত তুলি লোৱা আদি কাৰ্যৰ জৰিয়তে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে সকলো উপায় হাতত লৈছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । মুঠতে নিৰ্বাচনৰ বাবে সকলো ফালৰ পৰা সাজু হৈছে প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰয়াত অঞ্জন দত্তৰ কন্য়া অংকিতা দত্ত । অৱশ্য়ে নিৰ্বাচনৰ ফলাফলেহে ক'ব সমষ্টিটোত কোনে শেষ হাঁহি মাৰে ।

লগতে পঢ়ক: মাজদিয়াত দেশীয় আৰু বিলাতী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.