ETV Bharat / state

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শিৱসাগৰত মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Oct 31, 2020, 7:53 PM IST

Updated : Oct 31, 2020, 8:07 PM IST

ৰাষ্ট্ৰীয় একতা দিৱস চৰ্দাৰ বল্লভ ভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে সূচনা কৰা এটা দিৱস। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। লৌহমানৱ ৰূপে খ্যাত ভাৰত-ৰত্ন চৰ্দাৰ বল্লভ ভাই পেটেল ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল।

cm-sonowal-visited-sivsagar
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শিৱসাগৰত মুখ্যমন্ত্ৰী সোণোৱাল

শিৱসাগৰ, 31 অক্টোবৰ : আজি ৩১ অক্টোবৰ,ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন। আজিৰ দিনটো সমগ্র ভাৰততে এক ভাৰত শ্ৰেষ্ঠ ভাৰত শ্লোগানেৰে ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক ব'র্ডিং খেলপথাৰতো শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত "ৰাষ্ট্ৰীয় একতা দিৱস" উপলক্ষে শনিবাৰে অনুষ্ঠিত হোৱা মাৰ্চপাষ্ট কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিৱসাগৰৰ ব'র্ডিং খেলপথাৰত ৰাষ্ট্ৰীয় একতা দিৱস" উপলক্ষে প্ৰথম অসম পুলিচ বেটেলিয়ান,অসম আৰক্ষী, চি আৰ পি এফ, চি আই এছ এফ বাহিনীৰ দলে অংশগ্ৰহণ কৰা মাৰ্চপাষ্টৰ অভিবাদন স্বীকাৰ কৰি নিজৰ ভাষণত কয় যে - "চৰ্দাৰ বল্লভভাই পেটেল আছিল আধুনিক ভাৰতৰ অন্যতম ভেটি নিৰ্মাণ কৰোতা। নাগৰিক সমাজে তেখেতৰ আদৰ্শক। ভাৰত ৰাষ্ট্ৰৰ সম্পদ অপৰিসীম। আত্মনিৰ্ভৰ ভাৰতৰ জৰিয়তে আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিব। যি সম্ভৱ হ'ব কঠিন পৰিশ্ৰমৰ জৰিয়তে। ৰাইজে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলাব লাগিব। ৰাষ্ট্ৰৰ মানৱীয় গুণৰ জৰিয়তে আমি বিশ্ব গুৰু হ'ব পাৰো। "

তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত কাৰ্যসূচীৰ পিছত জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হ'বলগীয়া পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে।

উল্লেখ্য যে,ৰাষ্ট্ৰীয় একতা দিৱস চৰ্দাৰ বল্লভ ভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে সূচনা কৰা এটা দিৱস। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। লৌহমানৱ ৰূপে খ্যাত ভাৰত-ৰত্ন চৰ্দাৰ বল্লভ ভাই পেটেল ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰুৰ নেতৃত্বত গঠন হোৱা স্বাধীন ভাৰতৰ প্ৰথম মন্ত্ৰীসভাত উপ প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গুৰু দায়িত্ব বহন কৰিছিল। তেখেতৰ স্মৃতি ৰক্ষা কৰাৰ বাবে ভাৰত চৰকাৰে গুজৰাট ৰাজ্যত নিৰ্মাণ কৰা ১৮২ মিটাৰ উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ উচ্চ মূৰ্তি একতাৰ মূৰ্তি বা ষ্টেচু অফ ইউনিটি তেওঁৰ নামত উছৰ্গিত এক স্মৃতিসৌধ।
লগতে পঢ়ক: দীপাৱলী উপলক্ষে মৃন্ময় শিল্পীৰ ব্যাপক ব্যস্ততা

Last Updated : Oct 31, 2020, 8:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.