মৰাণ, 6 নৱেম্বৰ : মাটিৰ দালালৰ পাছত এইবাৰ গৃহ বিভাগত থকা দালালক ধৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে চৰাইদেউ আৰু শিৱসাগৰৰ আৰক্ষী বিষয়াসকলৰ সৈতে শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ত এক আলোচনাত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
![CM Himanta Biswa Sharma attend an important meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8017to8020-cmhimantabiswasharmaattendanimportantmeetingwithpoliceofcharaideoandsivsagar-as10031_06112021190616_0611f_1636205776_628.jpg)
বৈঠকত দুয়োখন জিলাৰ আইন-শৃংখলা পৰিস্থিতিৰ সম্পর্কে বিস্তৃতভাৱে বুজ লোৱাৰ লগতে থানা সমূহত বাহিৰা ব্যক্তিয়ে এজাহাৰ লিখাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা, ২০২০ চনৰ মাৰ্চৰ পূৰ্বৰ সকলো অমীমাংসিত গোচৰ সমূহ অহা ৩১ মাৰ্চৰ ভিতৰত নিষ্পত্তি আদি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তদুপৰি উক্ত বৈঠকৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট ৭২ ঘণ্টাৰ ভিতৰত দাখিল সুনিশ্চিত কৰাৰ লগতে প্ৰতি মাহত ‘ক্রাইম কনফাৰেঞ্চ’ অনুষ্ঠিত কৰাৰ ক্ষেত্রত মুখ্যমন্ত্ৰী গৰাকীয়ে নির্দেশনা দিয়ে ৷
পুলিচ ভেৰিফিকেচন, প্ৰ-পত্ৰ ভেৰিফিকেচন ইত্যাদিৰ ক্ষেত্ৰতো সময়মতে বিহিত ব্যৱস্থা ল’বলৈ নিৰ্দেশনা প্রদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।
![CM Himanta Biswa Sharma attend an important meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8017to8020-cmhimantabiswasharmaattendanimportantmeetingwithpoliceofcharaideoandsivsagar-as10031_06112021190616_0611f_1636205776_245.jpg)
এই বৈঠকত মন্ত্ৰী ডাঃ ৰণোজ পেগু, যোগেন মহন, সাংসদদ্বয় শ্রীতপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, থাওৰা আৰু সোণাৰিৰ বিধায়কদ্বয় সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলে, শিৱসাগৰৰ উপায়ুক্ত মেঘনিধি দাহাল, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন আৰু চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ লগতে দুয়োখন জিলাৰ আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে ।