ETV Bharat / state

বতৰ পৰিৱৰ্তন: বিপাঙত শিৱসাগৰৰ খেতিয়ক

author img

By

Published : Aug 1, 2021, 2:41 PM IST

ধাৰাসাৰ বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ আমগুৰিৰ বৃহত্তৰ অঞ্চল এতিয়া পানীৰ তলত ৷ কৃষকৰ সঁজাল ধৰা পথাৰ বানত ডুব যোৱাত অসহায় হৈ পৰিছে কৃষকসকল ।

climate changed sivsagar farmers lots of problem
বিপাঙত শিৱসাগৰৰ খেতিয়ক

আমগুৰি, 1 আগষ্ট : সমগ্ৰ দেশ তথা ৰাজ্যতেই ক'ভিড মহামাৰীয়ে (Covid-19) এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জন জীৱন ৷ বহুলোকে ইতিমধ্যে হেৰুৱাইছে কৰ্মসংস্থাপন ৷

এফালে ক’ভিড মহামাৰী, আনফালে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ৷ প্ৰকৃতিৰ কাল ৰূপত হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলৰ ৷ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে কন্দুৱাইছে এতিয়া কৃষক ৰাইজক ৷ কৃষকৰ সপোন এতিয়া পানীৰ তলত ৷

বিপাঙত শিৱসাগৰৰ খেতিয়ক

লগতে পঢ়ক: সময়ৰ আগত চলা সময় "বাগান টাইম"

শুকুৰবাৰে নিশাৰে পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ আমগুৰিৰ বৃহত্তৰ অঞ্চল বিশেষকৈ দিকচু, মাউৎ, নামতি, বৰাহীবাৰী, লালিম চাপৰি, দিখৌমুখ, হাতিঘূলী, খেমদৈ পথাৰকে ধৰি বৃহত্তৰ কৃষিভূমি এতিয়া ডুব গৈছে পানীৰ তলত ৷ কৃষকৰ সঁজাল ধৰা পথাৰ বানত ডুব যোৱাত অসহায় হৈ পৰিছে কৃষকসকল ।

সঁজাল ধৰা কঠীয়া নষ্ট হোৱাৰ ভয়ত মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকসকলৰ । বহু কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই খেতি কৰিছিল খেতিয়কসকলে ৷ কিন্তু বানৰ ফলত কৃষকৰ সেই সপোন পানীৰ তলত ৷

যাৰ ফলত জীয়াতু ভুগিছে কৃষকসকল ৷ এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে আমগুৰিৰ কৃষক ৰাইজে ৷

লগতে পঢ়ক: কেঁচা চাহপাত নিম্নগামী মূল্যই বিপাঙত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.