গোলাঘাট, 30 ছেপ্তেম্বৰঃ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত বুধবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক লোকৰ উপস্থিতিত কেইবাগৰাকীও ছাত্ৰ নেতাই প্ৰতিবাদস্থলীতে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সৰ্বানন্দ সোণোৱাল লাজ নাই, হিমন্ত বিশ্ব শৰ্মা গ'বেক, বি জে পি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলীত ।
ৰাজ্যজুৰি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Chutia protest
![ৰাজ্যজুৰি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ chutia student union statewide protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8993385-211-8993385-1601452479161.jpg?imwidth=3840)
16:13 September 30
গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
![golaghat chutia student union protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-802-30sept-protest-vis-byte-as10024mp4_30092020152615_3009f_1601459775_183.jpg)
15:02 September 30
তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
![TINSUKIA CHUTIA STUDENT UNION PROTEST](https://etvbharatimages.akamaized.net/etvbharat/prod-images/chutiastudentunionprotest_30092020142620_3009f_01196_481.jpg)
তিনিচুকীয়া, 30 ছেপ্তেম্বৰঃ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চুতীয়া ছাত্র সন্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । শেহতীয়াকৈ অসম চৰকাৰে অসমৰ ৬ টা জনগোষ্ঠীৰ ভিতৰত ৩টা জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰিলে । কিন্তু চুতীয়া জনগোষ্ঠীক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে । যাৰ বাবে আজি চুতীয়া ছাত্ৰ সন্থাই নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি এনেদৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
14:48 September 30
যোৰহাটতো চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
![chutia student union protest at jorhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-30sep-chutia-youth-protest-for-rights-vis-byte-7203853_30092020131333_3009f_00888_560.jpg)
যোৰহাট, 30 ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্য লগতে যোৰহাটতো তীব্ৰ প্ৰতিবাদ চুতীয়া জাতি ছাত্ৰ সন্থাৰ । উল্লেখযোগ্য যে, অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা আৰু চুতীয়া জনগোষ্ঠীক "পূৰ্ণ স্বায়ত্ব শাসিত পৰিষদ" প্ৰদানৰ দাবীত বুধবাৰে যোৰহাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে ভূমিপুত্ৰ জনজাতিটোৰ এই দাবী যদি শীঘ্ৰে পূৰণ নকৰে তেনেহলে অনাগত নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্তোতৰ দিয়াৰো সকীয়নি প্ৰদান কৰে সংগঠনটোৱে ।
14:35 September 30
লখিমপুৰতো চুতীয়া ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী
লখিমপুৰ, 30 ছেপ্তেম্বৰঃ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে চুতীয়া সকলক জনজাতি কৰণ নকৰাৰ প্ৰতিবাদত বুধবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । চৰকাৰে জনজাতিকৰণ কৰাৰ বিপৰীতে বিভাজনৰ ৰাজনীতি কৰাৰো অভিযোগ কৰে সংগঠনটোৱে । ২০১৬ ৰ নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে এতিয়া কোচ, মৰাণ আৰু মটক জনগোষ্ঠীক স্বায়ত্তশাসন দি ছয় জনগোষ্ঠীৰ মাজত বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে ।
ইফালে, ২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতি নকৰিলে আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰতুত্তৰ দিব বুলিও সকীয়নি প্ৰদান কৰে ।
13:14 September 30
শিৱসাগৰত চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ
শিৱসাগৰ, 30 ছেপ্তেম্বৰঃ জনজাতি মৰ্যাদা প্ৰদান আৰু স্বায়ত্ব শাসনৰ দাবীত বুধবাৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চুতীয়া ছাত্ৰ সন্থাৰ শতাধিক সদস্যই শিৱসাগৰ নগৰৰ কালী প্ৰসাদ সোঁৱৰণী ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰা আৰু ষষ্ঠ অনুসূচীৰ আধাৰত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় । এই দুই দাবী পূৰণৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ দ্বাৰা প্ৰেৰণ কৰি অসমৰ সকলোতকৈ পুৰণি খিলঞ্জীয়া জনগোষ্ঠীটোক নাৰ্য অধিকাৰ প্ৰদানৰ আহ্বান জনায়।

TAGGED:
Chutia protest