ETV Bharat / state

কেৰলৰ ধ্বনিৰে মুখৰিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ

author img

By

Published : Dec 25, 2020, 5:00 PM IST

1845 খ্ৰীষ্টাব্দত স্থাপন কৰা এই মণ্ডলীয়ে ইতিমধ্যে সম্পূৰ্ণ কৰিছে 175 বছৰ । আজি পবিত্ৰ বৰদিনৰ দিনা এই ঐতিহাসিক গীর্জাঘৰটোৰ পৰাই বিশ্ববাসীৰ মাজত শান্তি, সমৃদ্ধি আৰু একতা অটুট থকাৰ প্ৰার্থনা জনায় বাপ্তিষ্টসকলে ।

christmass celebration at sivasagar
কেৰলৰ ধ্বনিৰে মুখৰিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ

শিৱসাগৰ, 25 ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন । সমগ্ৰ বিশ্বতে আজিৰ এই পবিত্ৰ দিনটো উলহ মালহেৰে উদযাপন কৰা হৈছে । খ্ৰীষ্ট ধর্মৰ প্ৰৱর্তক প্ৰভু যীশুক আজি পুনৰ এবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছে সমগ্ৰ বিশ্ববাসীয়ে । মাতৃ মেৰী আৰু পিতৃ যোচেফৰ পুত্ৰ যীশুৰ জেৰুজালেমৰ বেথেলহামত এক আস্তাৱলত জন্ম হৈছিল । খ্ৰীষ্ট ধৰ্ম প্ৰৱর্তন কৰি প্ৰভু যীশুৱে শান্তিৰ বাণী বিলাইছিল জনতাৰ মাজত । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উপাসনা কৰা গৃহটো গীর্জাঘৰ বুলি অভিহিত কৰা হয় । উজনি অসমৰ সবাতোকৈ পুৰণি গীৰ্জাঘৰটোয়েই হৈছে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পাৰত অৱস্থিত কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী গীর্জাঘৰটো । এই গীর্জাঘৰটোৱে সম্পূৰ্ণ কৰিছে 175 বছৰ ।

1836 চনত বেপ্টিষ্ট মিছনেৰীসকলে গুৱাহাটী, নগাঁও আৰু শিৱসাগৰত তিনিটা মিছন কেন্দ্ৰৰ প্ৰতিষ্ঠা কৰিছিল । ইয়াৰে ফলশ্ৰুতিত অসমত 1841 খ্ৰীষ্টাব্দত নিধিলেবী ফাৰৱেলে বাপ্তিষ্ট গ্ৰহনৰ পাছত মনতানা, বাতিৰাম দাস, কলিবৰ দাস, গধূলা দাস আদিয়ে বাপ্তিষ্ট গ্ৰহণ কৰি খ্ৰীষ্ট ধৰ্মত দীক্ষিত হয় । 1845 খ্ৰীষ্টাব্দৰ আগলৈকে খ্ৰীষ্ট ধর্মৰ লোকসকলে ঘৰে ঘৰে উপাসনা কৰিছিল । 1845 খ্ৰীষ্টাব্দৰ 25 জানুৱাৰীত গুৱাহাটীত তিনিওটা কেন্দ্ৰৰ প্ৰতিনিধি মিলিত হৈ গুৱাহাটী, নগাঁও আৰু শিৱসাগৰত মণ্ডলি স্থাপনৰ ভেটি ৰচনা কৰে । শিৱসাগৰ পুখুৰীৰ পাৰত সেই সময়ৰ এংলিকান মিছনে স্থাপন কৰা এইটোৱেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ । 1845 খ্ৰীষ্টাব্দত স্থাপন কৰা এই মণ্ডলীয়ে ইতিমধ্যে সম্পূৰ্ণ কৰিছে 175 বছৰ । আজি পবিত্ৰ বৰদিনৰ দিনা এই ঐতিহাসিক গীর্জাঘৰটোৰ পৰাই বিশ্ববাসীৰ মাজত শান্তি, সমৃদ্ধি আৰু একতা অটুট থকাৰ প্ৰার্থনা জনায় বাপ্তিষ্টসকলে ।

লগতে পঢ়ক : কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.