শিৱসাগৰ, 14 নৱেম্বৰঃ ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপজা দিনটো সমগ্ৰ দেশৰ লগতে শিৱসাগৰৰ কৌমুদালয়ত এজাক বিশেষভাৱে সক্ষম শিশুক লৈ ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় শিশু দিৱস । এই উপলক্ষ্যে সক্ষম শিশুসকলৰ মাজত চিত্ৰাংকণ, খেল-ধেমালি, নৃত্য-গীত আদি অনুস্থিত কৰা হয় । ৰংঘৰ চাৰিআলিৰ কৌমুদালয় শিশু গৃহত অনুষ্ঠিত শিশু দিৱসত কৌমুদালয় কৰ্তৃপক্ষৰ লগতে বিভিন্নজনে অংশগ্ৰহণ কৰে।
ইফালে, ঐক্যসেনা, শিৱসাগৰ জিলাৰ উদ্যোগত আটলাণ্টা হোটেলতও আয়োজন কৰা হয় শিশু দিৱসৰ । শিৱসাগৰৰ যুৱ চামৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ভিত্তিত বিভিন্ন বিষয়ত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা কেইবাজনো লোক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ৷
লগতে পঢ়কঃশীতৰ সময়ত বন্ধ থাকিব গংগোত্ৰীৰ দুৱাৰ