শিৱসাগৰ, 13 নৱেম্বৰ: যান্ত্ৰিকতাৰ মাজত আবদ্ধ শৈশৱ । ম'বাইল গেম, টিভি, কাৰ্টুনৰ জগতৰ মাজতে আবদ্ধ যেন আজিৰ শৈশৱ -কৈশোৰ । ল'ৰালিৰ ধেমালি যেন আজি আৰু অতীত । আপুনি মই পাৰ কৰি অহা ল'ৰালিৰ সোণোৱালী দিনবোৰ, মুহুৰ্তবোৰ আজি মাথো নষ্টালজিয়া । টাংগুটি, ঘিলা গুটি, লুকা-চুৰি অথবা গুডু খেলাৰ দিনবোৰ যেন আজিৰ শিশুৰ বাবে সাধুকথা ।
এই যে আপুনি মই অতিবাহিত কৰিছিলো দিনবোৰ,সমনীয়াৰ লগত পাৰ কৰিছিলো অনাবিল আনন্দৰ মূহুৰ্তবোৰ ,সেই সুখৰ সময়বোৰে যেন পুনৰ প্ৰাণ পাই উঠিছে এজন কিশোৰৰ প্ৰচেষ্টাত । কিশোৰ জনৰ সৃষ্টিশীলতাত যেন পুনৰ সাৰ পাই উঠিছে আপোনাৰ-মোৰ শৈশৱ কৈশোৰৰ তাহানিৰ মধুৰ দিনবোৰ ।
কিশোৰ জনৰ নাম প্ৰাণজিৎ গগৈ । পিতৃয়ে এলাগী কৰা মাতৃৰ কোলাত শৈশৱ পাৰ কৰা প্ৰাণজিৎ পলে পলে সন্মুখীন কষ্ট, অভাৱৰ । দেউতাকৰ বুকুৰ উম নোপোৱাকৈয়ে প্ৰাণজিতে শৈশৱৰ দেওনা পাৰ কৰি বৰ্তমান অধ্যয়ণ কৰি আছে শিৱসাগৰৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ প্ৰাণজিতেই সৃষ্টিশীল মনটোৰে লিখি উলিয়ালে এখন চিত্ৰনাট্য । সমনীয়াৰ লগত কটোৱা সময়, পাহৰণিৰ গৰ্ভলৈ গতি কৰা খেলবোৰ, ধেমালিবোৰক আলম কৰি প্ৰাণজিতৰ এই চিত্ৰনাট্য । নাম দিলেঃ ল'ৰালিৰ ধেমালি ।
লগতে পঢ়ক: পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া