ETV Bharat / state

শিৱসাগৰৰ আহানা শিশুগৃহত পালন শিশু সুৰক্ষা দিৱস

author img

By

Published : Mar 4, 2020, 4:34 PM IST

শিশু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে 4 মাৰ্চৰ দিনটোত পালন কৰা হয় ৰাজ্যিক শিশু সুৰক্ষা দিৱস । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো পালন কৰা হয় এই দিৱস । শিৱসাগৰৰ কৌমুদালয় আহানা শিশুগৃহত শিৱসাগৰ শিশু সুৰক্ষা সমিতিৰ পৃষ্ঠপোষকতাত তথা জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত এই দিৱস পালন কৰা হয় ৷

child protection day celebration at sivsagar assam etv bharat news
শিশু সুৰক্ষা দিৱস পালন

শিৱসাগৰ,4 মাৰ্চঃ শিশু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে 4 মাৰ্চৰ দিনটোত পালন কৰা হয় ৰাজ্যিক শিশু সুৰক্ষা দিৱস । ৰাজ্যজুৰি বুধবাৰে পালন কৰা হয় ৰাজ্যিক শিশু সুৰক্ষা দিৱস । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো পালন কৰা হয় এই দিৱস । শিৱসাগৰৰ কৌমুদালয় আহানা শিশুগৃহত শিৱসাগৰ শিশু সুৰক্ষা সমিতিৰ পৃষ্ঠপোষকতাত তথা জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত এই দিৱস পালন কৰা হয় ৷ উক্ত কাৰ্যসূচীত সহায় আগবঢ়ায় জিলা আইন সেৱা প্ৰাধিকৰণ আৰু কৌমুদালয়ে ৷

শিশু সুৰক্ষা দিৱস পালন

শিশুসকলৰ মাজত ছবি অঁকাকে ধৰি বিভিন্ন প্ৰতিযোগিতা আৰু গীত-মাতৰ মাজেৰে দিনযোৰা কাৰ্যসূচী গ্ৰহণ কৰি দিৱসটো পালন কৰা হয় । এইবছৰৰ শিশু সুৰক্ষা দিৱসৰ মূল চিন্তা হৈছে সুস্থ পৰিৱেশৰ মাজেৰে শিশুসকলৰ প্ৰতিভা বিকাশত সহায়ক হোৱা ।উল্লেখ্য যে,২০১৪ চনৰ পৰা অসমত এই দিৱস অনুষ্ঠিত হৈ আহিছে‌ । সৰ্বভাৰতীয় পৰ্যায়ত অসমে প্ৰথমে ৪ মাৰ্চৰ দিনটোত এই দিৱস উদযাপন কৰিছিল ৷ পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ আন আন ৰাজ্যত এই দিৱস উদযাপিত হৈ আহিছে ৷

লগতে চাওকঃদৰঙৰ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.