ETV Bharat / state

Foundation day of Sivasagar College: শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি - Platinum Jeblee of Sivasagar College

শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উপলক্ষে শোভাযাত্ৰা উলিওৱা হয় ৷ অসমৰ উচ্চশিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজে জ্ঞানৰ জেউতি বিলাই স্বগুণেৰে মহীয়ান হৈ বিগত ২০২১ বৰ্ষৰ ২ নৱেম্বৰত গৌৰৱোজ্বল ৭৫ বৰ্ষত উপনীত হয় (Platinum Jublee of Sivasagar College)। সেইদিনাৰ পৰা ২০২২ বৰ্ষৰ ২ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনলৈকে বৰ্ষজোৰা কাৰ্যসূচীৰেমহাৰজত জয়ন্তী উদযাপন কৰা হৈছে ।

Foundation day of Sivasagar College
শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি
author img

By

Published : Nov 2, 2022, 6:06 PM IST

শিৱসাগৰ, ২অক্টোবৰ: তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিৱসাগৰ কলেজৰ বছৰজোৰা মহাৰজত জয়ন্তী কাৰ্যসূচীৰ বুধবাৰে সামৰণি পৰে (75th foundation day of Sivasagar College)। ৩১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা মহাৰজত জয়ন্তীৰ শেষৰ দিনাৰ কাৰ্যসূচী ৰূপে আজি পুৱা ৮ বজাত কলেজৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলনৰ পাছতে কালিপ্ৰসাদ স্মৃতিভৱনৰ পৰা কলেজৰ চৌহদলৈ বাহেৰহনীয়া শোভাযাত্ৰা উলিওৱা হয় ।

শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি

ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননী গোপাল মহন্ত, সতী সাধনী বিশ্ববিদ্যালয়ৰ (Sati Sadhani University) উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, শিৱসাগৰ জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

এই কাৰ্যসূচীৰ অংশৰূপে নিশা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই তিনিদিনীয়া কাৰ্যসূচীত ৭৫ খন পতাকা উত্তোলন, প্ৰদৰ্শনী, গ্ৰন্থ উন্মোচন, অন্তৰংগ আলাপ,সাংস্কৃতিক অনুষ্ঠান আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয় । উল্লেখ্য় যে ১৯৪৭ চনৰ ২ নৱেম্বৰত প্রতিষ্ঠা হোৱা শিৱসাগৰ কলেজে জন্মলগ্নৰে পৰাই অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত সৱল স্থিতিৰে এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য় যে অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজে জ্ঞানৰ জেউতি বিলাই স্বগুণেৰে মহীয়ান হৈ বিগত ২০২১ বৰ্ষৰ ২ নৱেম্বৰত গৌৰৱোজ্বল ৭৫ বৰ্ষত উপনীত হয় (Platinum Jeblee of Sivasagar College) । সেইদিনাৰ পৰা ২০২২ বৰ্ষৰ ২ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনলৈকে বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উদযাপন কৰা হয় ।

১৯৪৭ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা শিৱসাগৰ কলেজে জন্মলগ্নৰে পৰাই অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত সৱল স্থিতিৰে এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য় যে বিগত ২০২১ বৰ্ষৰ ১১ নৱেম্বৰত শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি (Assam CM Dr Himanta Biswa Sarma) কলেজখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদ্মধৰ চলিহা আৰু মূল খনিকৰ পৰাগ চলিহাৰ আবক্ষ মুৰ্ত্তি উন্মোচন কৰিছিল ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথাও ঘোষণা কৰিছিল ।

লগতে পঢ়ক:Foundation day of Sivasagar College: শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উপলক্ষে বৃহৎ শোভাযাত্ৰা বাহিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.