শিৱসাগৰ, 2 অক্টোবৰ: অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজে জ্ঞানৰ জেউতি বিলাই স্বগুণেৰে মহীয়ান হৈ বিগত ২০২১ বৰ্ষৰ ২ নৱেম্বৰত গৌৰৱোজ্বল ৭৫ বৰ্ষত উপনীত হয় (Celebration of 75th foundation day of Sivasagar College) । সেইদিনাৰ পৰা ২০২২ বৰ্ষৰ ২ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনলৈকে বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে ।
১৯৪৭ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা শিৱসাগৰ কলেজে জন্মলগ্নৰে পৰাই অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত সৱল স্থিতিৰে এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, বিগত 2021 বৰ্ষৰ 11 নৱেম্বৰত শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি (Assam CM Dr Himanta Biswa Sarma) কলেজখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদ্মধৰ চলিহা আৰু মূল খনিকৰ পৰাগ চলিহাৰ আবক্ষ মুৰ্ত্তি উন্মোচন কৰিছিল ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথাও ঘোষণা কৰিছিল ৷
উল্লেখ্য যে, মহাৰজত জয়ন্তী উপলক্ষে আজি এক বৃহৎ শোভাযাত্ৰা বাহিৰ কৰে কলেজ কতৃপক্ষই (Maharajat Jayanti of Sivasagar College) ৷ আজি এই মহাৰজত জয়ন্তী উদযাপনৰ অন্ত পৰিব । জয়ন্তী উপলক্ষে শিৱসাগৰ কলেজ আৰম্ভ হোৱা কালী প্ৰসাদ স্মৃতি ভৱন প্ৰাঙ্গনৰ পৰা বৰ্তমানৰ শিৱসাগৰ কলেজ থকা জয়সাগৰ পুখুৰী পাৰলৈ এক বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰা হয় ।
শিৱসাগৰ কলেজৰ বিভিন্ন বিভাগ আৰু গোটসমূহে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক, ভাষাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনে । আজিৰ শোভাযাত্ৰাৰ কাৰ্যসূচীত যোৰহাট সমষ্টিৰ লোকসভাৰ সাংসদ তপন গগৈৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে ।
শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত ঐক্যবদ্ধ হৈ কালী প্ৰসাদ স্মৃতি ভৱনেদি আগবঢ়া প্ৰতিযোগিতামূলক শুভাযাত্ৰাত বিভিন্ন কলা-সংস্কৃতি, নৃত্য, ভাওনা, চহা, নগৰীয়া আৰু পৰিৱেশ আদিৰ লগতে জাতি-জনগোষ্ঠীৰ পৰম্পৰাও প্ৰদৰ্শন কৰা হয় । আজিৰ বিভিন্ন কাৰ্যসূচীৰ লগতে নিশাৰ সাংস্কৃতিক কাৰ্যসূচীৰে এই মহাৰজত জয়ন্তীৰ অন্ত পৰিব ।
লগতে পঢ়ক: Foundation day of Sivasagar College: ৩১ অক্টোবৰৰ পৰা শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান