ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ - Protest

চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অসম চাহ মজদুৰ সংঘৰ । ৰাজ্যৰ প্ৰতিখন বাগিচাত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰে চাহ শ্ৰমিকসকলে ৷

CCPA Protest in sivsagar assam etv bharat news
চাহ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Sep 16, 2020, 4:17 PM IST

আমগুৰি,16 ছেপ্তেম্বৰ: বিগত প্ৰায় ছয় দশক ধৰি অসম চাহ মজদুৰ সংঘ আৰু বাগিচাৰ মালিক সন্থাৰ মাজত হোৱা আলোচনা মৰ্মে বিগত ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহতে এক দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল । চুক্তিখনৰ যোগেদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহত কাম কৰা শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী উত্থাপন কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৭ চনৰ ডিচেম্বৰত এই চুক্তিৰ ম্যাদ শেষ হয় ৷ তাৰ পিছত ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা চাহ শ্ৰমিকসকলে বৰ্ধিত মজুৰি লাভ কৰিব লাগিছিল ৷ কিন্তু চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে শ্ৰমিকসকলে আজিকোপতি লাভ নকৰিলে বৰ্ধিত মজুৰি ৷ দাবী অনুসৰি ৩৫১ টকাকৈ দৈনিক মজুৰি লাভ কৰিব লাগিছিল শ্ৰমিকসকলে ৷

চাহ শ্ৰমিকৰ প্ৰতিবাদ

চৰকাৰৰ উক্ত প্ৰৱঞ্চনাৰ বিৰুদ্ধে বুধবাৰে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যৰ বাগিচাসমূহত ৰূপায়ণ কৰা হয় এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ সংঘৰ নাজিৰা শাখা সমিতিৰ উদ্যোগত তথা চাহ বাগিচাসমূহৰ প্ৰাথমিক সমিতিসমূহৰ সহযোগত আমগুৰিৰ বৰচিলা,দেওপানী,হালোৱাটিং, বৰবাম,বাঘজান,টিফুক আৰু বৰুৱা চাহ বাগিচাত শ্ৰমিকসকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সমাগত নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে তাৰ ফল নিৰ্বাচনৰ জৰিয়তে লাভ কৰিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওকঃ ৰূপহীহাটত বিদ্যুৎ্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.