ETV Bharat / state

শিৱসাগৰত সোঁচৰা ৰোগত আক্ৰান্ত গৰু

author img

By

Published : Aug 29, 2020, 2:19 PM IST

উজনিত গাহৰি আৰু ম'হৰ ম'হামাৰীৰ পিছত এইবাৰ আন এক সমস্যাৰ সম্মুখীন হ’ব লগা হৈছে ৰাজ্যৰ কৃষক তথা পশু পালকসকল ।

cattle suffering from skin disease across sivasagar
শিৱসাগৰত সোঁচৰা ৰোগত আক্ৰান্ত গৰু

আমগুৰি, 29 আগষ্টঃ শিৱসাগৰ জিলাত সোঁচৰা ৰোগত আক্ৰান্ত হৈছে পোহনীয়া গৰু । লাম্পি স্কিন ডিজিছ নামৰ এই ৰোগে বেয়াকৈ আক্ৰমণ কৰিছে পোহনীয়া গৰু । শিৱসাগৰৰ নামতিৰ প্ৰতিখন গাঁৱত বহু গৰু এই ৰোগত আক্ৰান্ত হৈ পৰিছে ।

শিৱসাগৰত সোঁচৰা ৰোগত আক্ৰান্ত গৰু
উল্লেখযোগ্য যে, প্ৰথমতে গৰুৰ গোটেই দেহত ফোহা সদৃশ টেমুনাৰ সৃষ্টি হয় আৰু পাচত এই টেমুনাবোৰ ফাটি ঘা লাগি যায় । ফলত গৰুবোৰ অত্যন্ত দুৰ্বল হৈ পৰে আৰু শেষত মৃত্যু পৰ্যন্ত হোৱা দেখা গৈছে । এতিয়ালৈ এই বেমাৰৰ কোনো নিৰ্দিষ্ট ভেকচিন ওলোৱা নাই যদিও ডাক্তৰৰ পৰামৰ্শ আৰু পশু চিকিৎসা বিভাগৰ তৎপৰতাত কিছসংখ্য়ক গৰু সুস্থ হৈ উঠিছে । তথাপিও তাৰ সংখ্যা নগন্য । যাৰ বাবে কৃষক তথা পশুপালক সকলে মূৰে কপালে হাত দিব লগীয়া হৈছে ।লগতে পঢ়কঃ নলা-নৰ্দমা নিৰ্মাণৰ আধাৰশিলা উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.